তেজপুৰ, ২৩ ফেব্ৰুৱাৰী :অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আৰক্ষীৰ বৃহৎ অভিযান (Arunachal police operation in Changlang district)। সীমান্তৱৰ্তী অঞ্চলটোত অভিযান চলাই অৰুণাচল আৰক্ষীয়ে নগা উগ্ৰপন্থীৰ এটা শিবিৰ ধ্বংস কৰে (Arunachal police destroyed Naga militants camp)। চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গম্বু আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ শাখাৰ অধীক্ষক ৰোহিত ৰাজীৱ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান ।
এই অভিযানত লুংপক ৰাজহ চক্ৰৰ অধীনত থকা উগ্ৰপন্থী শিবিৰটোৰ পৰা আৰক্ষীয়ে যথেষ্ট সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰে । এই অঞ্চলটো বিশেষকৈ ভাৰত ম্যানমাৰ সীমান্তত অৱস্থিত । ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ চাংলাঙৰ ৰিমা পুটোক চক্ৰৰ লুংপাঙৰ অঞ্চলত বিদ্ৰোহীয়ে শিবিৰ দখল কৰাৰ এক বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ লগে লগে বুধবাৰৰ পৰাই আৰক্ষীয়ে এই অভিযানৰ আৰম্ভ কৰে ।
আৰক্ষীয়ে বুধবাৰে সেই স্থানত ৫ জন সন্দেহযুক্ত উগ্ৰপন্থীক দেখা পোৱাৰ তথ্য সদৰী কৰে আৰু ইয়াৰ পাচত এই বিশেষ অভিযান আৰম্ভ কৰে বুলি চাংলাং জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । আনহাতে শিবিৰত আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পোৱাৰ লগে লগে উগ্ৰপন্থীসকলে শিবিৰ পৰিত্যাগ কৰি পিছুৱাই যাবলৈ বাধ্য হয় । অভিযান সমাপ্ত হোৱাৰ পাচতে শিবিৰটোৰ প্ৰমাণ আৰু অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হয় (Arunachal Police recovered weapons in Changlang)।