তেজপুৰ, ১২ আগষ্ট:বিগত আঠ ৮ বছৰ চীনৰ কৱলত এজন ভাৰতীয় লোক ৷ আজিও সন্ধান নাই অৰুণাচল প্ৰদেশৰ তাপৰ পুলমৰ ৷ পৰিয়ালৰ লোকে চৰকাৰৰ সহায় বিচাৰি খাইছে হাবাথুৰি ৷ স্থানীয় সাংসদৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীলৈও এই বিষয়ে অৱগত কৰিছে তাপৰ পুলমৰ বোৱাৰী আমনি ডিৰুয়ে । তেওঁ ইটিভি ভাৰতক জনায় যে বৰ্তমানেও চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই ।
বিভিন্ন সময়ত পৰিয়ালৰ লোকে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰ বিগত ২০১৫ চনৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত পূব অৰুণাচল প্ৰদেশৰ চি-য়মী জিলাৰ মনিগং গাঁওৰ বাসিন্দা তাপৰ পুলম আৰু তেওঁৰ বন্ধু তা’ক য়ৰছী দুয়ো চিকাৰৰ বাবে সীমান্তৰ ‘‘তাগি বগু পাছ’’ নামৰ অঞ্চলটো গৈছিল । তেওঁলোক দুয়ো চিকাৰ কৰি ছেপ্টেম্বৰ মাহৰ ২১ তাৰিখে ঘূৰি অহাৰ কথা আছিল ৷ কিন্তু কেৱল ঘুৰি আহিল বন্ধু তা'ক য়ৰছীহে ৷
বন্ধু তা'ক য়ৰছীয়ে পৰিয়ালৰ লোকক জনোৱা মতে সীমান্তৰ পাৰ কৰি চীনা সৈন্যই দুয়োকে ‘তাগি বগু পাছ’ৰ পৰা মুখত কাপোৰ বান্ধি লৈ যায় আৰু দৈৱ ক্ৰমে য়ৰছী চীনা সৈন্যৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হয় । ইয়াৰ পিচত পুলমৰ পৰিয়ালৰ লোকে তেওঁক বিচৰাৰ বাবে উক্ত ঠাইত উপস্থিত হৈ পুলমে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰে ।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী আৰু সেনাৰ চাউনিত অৱগত কৰে । পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহত আমনি ডিৰুয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক বিষয়টো সন্দৰ্ভত অৱগত কৰে । আনহাতে ২০২২ চনত অৰুণাচল প্ৰদেশৰ মীৰাম টেৰণক চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ পিচত ১২ দিনৰ মূৰত ভাৰত চৰকাৰৰ হস্তক্ষেপত ঘূৰাই অনাৰ পিচত আমনি ডিৰুয়ে বিষয়টো পুনৰ উপস্থাপন কৰে ।
২০২২ চনত এই বিষয়টো পূব অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱয়ে সংসদৰ মজিয়াত উপস্থাপন কৰে ৷ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বিষয়টোৰ ওপৰত চীনা কৰ্তৃপক্ষৰ লগত আলোচনা কৰা বুলি জানিব দিয়ে আমনি ডিৰুয়ে ।
আনহাতে চলিত বৰ্ষৰ মাৰ্চ মাহত পুলমৰ পুত্ৰ ৱিকি পুলমে তেতিয়াৰ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুলৈ এই বিষয়ে পত্ৰ প্ৰেৰণ কৰে আৰু সাংসদ তাপীৰ গাৱয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহকো অৱগত কৰে । ডিৰুয়ে জনায় যে বিষয়টো যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে হয়তো হোৱা নাই ৷ ফলস্বৰূপে কোনো সদুত্তৰ পোৱা নাই নিখোঁজ তাপৰ পুলমৰ পৰিয়ালে। পৰিয়ালৰ লোকে আজিও অধীৰ আগ্ৰহেৰে বাট চাই আছে, লগতে চীনা সৈন্যৰ পৰা তেওঁলোকে জানিব বিচাৰিছে যে তেওঁ জীয়াই আছে নে নাই ? নে পুলমক হত্যা কৰা হৈছে ? এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে আমনি ডিৰুয়ে ।
লগতে পঢ়ক:Arunachal mountaineers missing: অৰুণাচলৰ সন্ধানহীন দুই পৰ্বতাৰোহীক বিচাৰি কিদৰে চলিছে অভিযান ?