অসম

assam

By

Published : Jun 8, 2021, 4:22 PM IST

ETV Bharat / state

IPSৰ নিৰ্ধাৰিত উচ্চতাকলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ পেমা খাণ্ডুৰ

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাৰ্থীৰ নিৰ্ধাৰিত উচ্চতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক বিশেষ আহ্বান অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ । এক পত্ৰযোগে অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতি সকলৰ বাবে এই উচ্চতাৰ ব্যৱধান পৰিহাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ।

arunachal cm
কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

তেজপুৰ, ৮ জুন : উচ্চতা কম হোৱাৰ বাবেই সাধাৰণতে ভাৰতীয় আৰক্ষী সেৱাত(Indian Police Service) যোগদানৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱক-যুৱতী বিমুখ হোৱা দেখা যায় । অৰুণাচলৰ এগৰাকী শিক্ষাৰ্থী এই সেৱাত উত্তীৰ্ণ হোৱাৰ পিছতো ভাৰতীয় আৰক্ষী সেৱাত অন্তৰ্ভুক্ত নোহোৱাত পুনৰবাৰ এই বিষয়টো চৰ্চালৈ আহিছে ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে য'ত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতি সকলৰ বাবে এই উচ্চতাৰ ব্যৱধান পৰিহাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ অজিঙ দামেং নামৰ এগৰাকী লোকে ২০১৭ চনত ইউ পি এছ চি পৰীক্ষাত ৬৪৪ নম্বৰেৰে দ্বিতীয় ৰেংকিঙত উত্তীৰ্ণ হৈ তেওঁ নিৰ্বাচিত হয় ভাৰতীয় আৰক্ষী সেৱাত । কিন্তু সামান্য উচ্চতাৰ বাবে তেওঁ নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হয় । প্ৰয়োজনীয় উচ্চতাতকৈ তেওঁৰ উচ্চতা ২.৫ ছেন্টিমিটাৰ কম । ভাৰতীয় আৰক্ষী সেৱাৰ বাবে নিৰ্ধাৰিত উচ্চতা ১৬৫ ছেন্টিমিটাৰ প্ৰয়োজন ।

এই বিষয়ে অজিঙয়ে ২০১৮ চনত চেন্ট্ৰেল ষ্টেণ্ডিং মেডিকেল বৰ্ড (CSMB) ৰ চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল (Central administrative Tribunal) ৰ ওচৰ চাপিছিল কিন্তু যোৱা ২৭ মে' ত সিদ্ধান্ত দিয়ে যে তেওঁৰ অনুৰোধ অমান্য কৰা হৈছে ।

মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অৰুণাচল পূৰ্বৰ সাংসদ তাপীৰ গাওঁৱেও সমগ্ৰ বিষয়টোৰ ওপৰত কেন্দ্ৰীয় ডনাৰ মন্ত্রী জীতেন্দ্ৰ সিঙলৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰে । খাণ্ডুয়ে পত্ৰত উল্লেখ কৰিছে যে এই সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা আইন প্ৰস্তুত হৈছিল ১৯৫১ চনত যিখন আজিও সংশোধন কৰা হোৱা নাই ।

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশ ইউনিয়ন টেৰিটৰিত অন্তৰ্ভুক্ত হৈছিল ১৯৭২ চনত আৰু পৰৱৰ্তী সময়ত সম্পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল ১৯৮৭ চনত আৰু এই আইন প্ৰণয়ন কৰা সময়ত অৰুণাচল প্ৰদেশ অসমৰ অন্তৰ্ভুক্ত আছিল বুলিও উল্লেখ কৰিছে ।

লগতে পঢ়ক:কৃষি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details