তেজপুৰ, ২৩ ডিচেম্বৰ :অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৃহস্পতিবাৰে কিমিনৰ চেণ্টাৰ অব এক্সেলেঞ্চ ফৰ বায়’ৰিছ’ৰ্চেছ এণ্ড চাষ্টেইনেবল ডেভেলপমেণ্টত অত্যাধুনিক এক্স চিটু অৰ্কিড সংৰক্ষণ কেন্দ্ৰ উদ্বোধন কৰে (Arunachal CM Inaugurates Orchid Conservatory)। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জৈৱ প্ৰযুক্তি বিভাগ (DBT)ৰ আৰ্থিক সহায়ত অৰুণাচল প্ৰদেশ ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ তত্বাৱধানত এই সংৰক্ষণ কেন্দ্ৰটো স্থাপন কৰা হৈছে ।
উত্তৰ-পূবৰ এয়া প্ৰথমটো সংৰক্ষণ কেন্দ্ৰ (NE first Orchid Conservatory)। খাণ্ডুৱে কেন্দ্ৰটোত নিয়োজিত বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে প্ৰায় অনুৰ্ব্বৰ ভূমিখিনিক এক সজীৱ আৰু সেউজ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাৰ বাবে শলাগ লয় ।
তেওঁ কয় যে এই নতুন অৰ্কিডেৰিয়ামৰ সৈতে এই কেন্দ্ৰই অতি মূল্যৱান প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ আৰু প্ৰসাৰণৰ দিশত কাম কৰি আছে লগতে অৰ্কিড ভিত্তিক উদ্যোগীকৰণৰ বিকাশৰ দিশতো কাম কৰি আছে । অৰুণাচল প্ৰদেশৰ গ্ৰাম্য অঞ্চলত অৰ্কিড ভিত্তিক উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে গাঁৱে-ভূঞে চেটেলাইট ইউনিটৰ লগতে নিৰ্দিষ্ট কিছুমান অৰ্কিডৰ প্ৰজাতিৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে অহৰহ কাম কৰি থকা কেন্দ্ৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে কেন্দ্ৰটোৱে ইয়াৰ মূল্য সংযোজন বৃদ্ধিৰ বাবে অৰ্কিড জাৰ্মপ্লাজম সংৰক্ষণ, অৰ্কিডৰ উদ্ভিদ প্ৰসাৰণ আৰু অৰ্কিডৰ মাইক্ৰ’ প্ৰসাৰণ কৰি আছে ।
খাণ্ডুৱে কৃষকসকলক উদ্দেশ্যি কয় যে ৰাজ্যখনত এনে বিশ্বমানৰ সুবিধা থকাৰ বাবে এতিয়া সকলোৰে গুৰুত্ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকৰ বাবে অৰ্কিডৰ ৰাজহ আহৰণকাৰী মডেলৰ সম্ভাৱনাৰ ওপৰত হ’ব লাগে (Arunachal CM on Orchid Conservatory)। ৰাজ্যখনক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই নিবলৈ কৃষকসকলে বৈজ্ঞানিক ভিত্তিক গৱেষণামূলক কাম-কাজত অধিক গুৰুত্ব দিয়া উচিত বুলিও তেওঁ কয় ।
কৃষকসকলে ইয়াৰ পৰা লাভৱান হ’ব পৰাকৈ ইয়াৰ সম্পদৰ বাবে ব্যৱসায়িক আৰ্হি গঢ়ি তুলিবলৈ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ সমান্তৰালভাৱে তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে ইয়াৰ জীৱিকাৰ বাবে শীঘ্ৰে সংৰক্ষণ কেন্দ্ৰটো নিজৰ হাতলৈ আনিব কিয়নো ইয়াক প্ৰজেক্ট মোডত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৩ বছৰৰ বাবে স্থাপন কৰা হৈছে । ৬০০ বৰ্গমিটাৰৰ এই কেন্দ্ৰটোত প্ৰায় ৬০০ বিধ অৰ্কিড আছে । যাৰ অৰ্থনৈতিক গুৰুত্ব যথেষ্ট বেছি ।