তেজপুৰ, ১ নৱেম্বৰ :দেওবাৰে সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত । সীমা সুৰক্ষা বলৰ দায়িত্বত থকা সকলো শীৰ্ষ বিষয়াৰ লগতে এছ এছ বি (SSB)ৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰ গুপ্তাও উপস্থিত থাকে এই বৈঠকত ৷ টাৱাঙত শীৰ্ষ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সীমা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে ।
অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ শেষ প্ৰান্তৰ গাতে লাগি আছে ভূটান । পূৰ্বতে ভূটানৰ লগত এক সৌহাদ্য মূলক অহা-যোৱা চলিছিল সীমান্তৰ গাঁও অঞ্চলত ৷ কিন্তু বিগত সময়চোৱাত ক’ভিড মহামাৰীৰ বাবে ভূটানে সীমা অতিক্ৰম কৰি অহা যোৱা বন্ধ কৰি ৰাখিছে ।