তেজপুৰ, ১৫ অক্টোবৰ:অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত অঘটন ৷ এইবাৰ বিজেপিৰ বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলে এগৰাকী মহিলাই ৷ অৰুণাচল প্ৰদেশৰ বামেং বিধানসভা সমষ্টিৰ বিধায়ক গোৰোক পৰডোঙৰ বিৰুদ্ধে এগৰাকী মহিলাই তৰিছে ধৰ্ষণৰ গোচৰ ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, এখন হোটেলত সমষ্টিটোৰ প্ৰাথমিক চিকিৎসালয়ৰ ওপৰত আলোচনা কৰিবলৈ বুলি মাতি আনি প্ৰথমে যৌন আতিশায্য , পিচত ধৰ্ষণ কৰা বুলি বিধায়ক গোৰোক পৰডোঙৰ বিৰুদ্ধে ইটানগৰ আৰক্ষীত গোচৰ তৰে মহিলাগৰাকীয়ে ৷
ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক
অৰুণাচল প্ৰদেশৰ বিজেপি বিধায়কৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে এগৰাকী মহিলাই ৷ হোটেলত সমষ্টিটোৰ প্ৰাথমিক চিকিৎসালয়ৰ ওপৰত আলোচনা কৰিবলৈ বুলি মাতি এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ মহিলাগৰাকীৰ ৷
ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক
আনহাতে বিগত বিধানসভা নিৰ্বাচনত হোৱা হিচাবৰ বাবেহে মহিলাগৰাকী আহিছিল বুলি গোৰোক পৰডোঙে মহিলাগৰাকীৰ গোচৰৰ বিপৰীতে পৃথকে এটা গোচৰ তৰে ৷ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিহে সকলো জনাব পাৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷