তেজপুৰ, 29 জুলাই : প্ৰসিদ্ধ গীতিকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (Jyoti Prasad Agarwala)ৰ পৈত্ৰিক গৃহ পকীত বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হ’ব অসমৰ পুৰোধা শিল্পীগৰাকীৰ অৱদানসমূহ ৷ কেৱল সংৰক্ষণ কৰাই নহয় শিল্পীসকলৰ সকলো তথ্য ৱেবছাইট (Website)যোগে লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰী তথা গৱেষকসকলে ৷ 2021-22 বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট (Budget)ত শিল্পীসকলৰ সমলসমূহ সংৰক্ষণৰ বাবে বিশেষ পুঁজি ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ৷
পকীত থকা ৰূপকোঁৱৰ, কলাগুৰু আৰু নটসূৰ্যৰ সমলসমূহৰ লগতে কেতবোৰ আলোকচিত্ৰৰ প্ৰকৃত সংৰক্ষণ আজি পৰ্যন্ত হোৱা নাই ৷ জয়মতীৰ পৰা আৰম্ভ কৰি যিসমূহ গ্ৰামোফোন (Gramophone) ৰেকৰ্ডৰ পাল্লা আছে, বৰ্তমান সেইসমূহো আছে অসংৰক্ষিত অৱস্থাত ৷ এতিয়াৰে পৰা সেই গীতসমূহ পুনৰুদ্ধাৰ কৰি সংৰক্ষণৰ কৰাৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে ৷
লগতে পঢ়ক :ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’