অসম

assam

ETV Bharat / state

Assam Flood 2023: ভদীয়া বানত শোণিতপুৰত বিস্তৰ ক্ষয়-ক্ষতি, নিৰ্বিকাৰ ভূমিকাত প্ৰশাসন - ৰাজ্যত ভদীয়া বানৰ সংহাৰী ৰূপ

ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ ৷ কেইবাটাও গুৰুত্বপূৰ্ণ পথ পানীয়ে খহায় নিয়াৰ ফলত আহুকালত পৰিছে সংশ্লিষ্ট ৰাইজ ৷ ভদীয়া বানে শোণিতপুৰত বিস্তৰ ক্ষতি-সাধন কৰা পৰিলক্ষিত হৈছে ৷

Artificial floods caused heavy damage in various parts in Sonitpur
ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:12 PM IST

ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ

ৰঙাপৰা, 28 আগষ্ট:ৰাজ্যত ভদীয়া বানৰ সংহাৰী ৰূপ ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ গাঁৱত বেঙেনাজুলি নৈখনে সৃষ্টি কৰিছে ভয়ংকৰ বানপানীৰ । ফেনে-ফুটুকাৰে ওফন্দি উঠা নৈখনৰ বাঢ়নি পানীয়ে খহাই নিয়ে নবিল পথাৰ গাঁৱত থকা এখন পদপথ দলঙৰ এটা ফালৰ মাটি । যাৰ ফলত নবিল পথাৰ গাঁও-ৰামনাথপুৰ সংযোগী পথটিত দুয়ো দিশৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত বহু লোকে অসুবিধাত পৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, উক্ত পথপদ দলঙখনৰ ওপৰেদি বিশেষকৈ ৰামনাথপুৰ, বেঙেনাজুলি, বান্দৰহাগী গাঁও, বেলশিৰি, কিষানবস্তি, ধানখনা, নগাপথাৰ, নাহৰণি, গোলাই আদি গাঁৱৰ ৰাইজে অহা-যোৱা কৰি আহিছিল । বেঙেনাজুলি নৈখনৰ ওপৰত থকা দলংখন বিধ্বস্ত হৈ পৰাত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । তাৰোপৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে নিউ মিছামাৰী ষ্টেচনলৈ অহা-যোৱাও সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰিছে ।

উল্লেখ্য যে, আজিৰে পৰা প্ৰায় 10 বছৰ আগতে তদানীন্তন কংগ্ৰেছৰ চৰকাৰৰ দিনত মিছামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শেখৰ হেং লিম্বুয়ে (টিকু চুব্বা) আবণ্টিত প্ৰায় 10 লাখ টকাৰে বেঙেনাজুলি নৈখনৰ ওপৰত পদপথ দলংখন নিৰ্মাণ কৰিছিল । কিন্তু পথচোৱাৰ মাটি নৈখনৰ বাঢ়নি পানীয়ে খহাই নিয়াত ৰাইজ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে । বেঙেনাজুলি নৈখনৰ ওপৰত থকা পকীৰ দলঙখনৰ কাষত ব’ল্ডাৰৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল আৰু মিছামাৰী গাঁও পঞ্চায়তক আহ্বান জনাই আহিছিল যদিও কাণসাৰ নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ।

আনফালে, জিলাখনৰ ৰঙাপৰাত লোক নিৰ্মাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ পকীপথ বৰষুণৰ পানীয়ে খহাই নিয়ে । কালি বৰষুণৰ পানীয়ে ৰঙাপৰা-তাৰাজুলি-উৰহীলগা সংযোগী পথচোৱাৰ এটা অংশ খহাই লৈ যায় । ৰঙাপৰাৰ ঢোলকোবা চেণ্টাৰৰ সমীপৰ পথচোৱাত খহনীয়াৰ সৃষ্টি হোৱাৰ পিছতে দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰি জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগটোৱে যান-বাহন চলাচল সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়ে । লোক নিৰ্মাণ বিভাগটোৱে ৰঙাপৰা-তাৰাজুলি-উৰহীলগা সংযোগী পথচোৱাত 'পথ বন্ধ'ৰ ফলক আঁৰি দিয়াৰ লগতে পথৰ ওপৰত এডাল বাঁহ বান্ধি দিয়ে । যাতে কোনো ধৰণৰ চাৰিচকীয়া গাড়ী চলাচল কৰিব নোৱাৰে ।

উল্লেখ্য যে, ৰঙাপৰা-তাৰাজুলি-উৰহীলগা সংযোগী পথচোৱা অতি গুৰুত্বপূৰ্ণ এটা পথ । ৰঙাপৰা-তাৰাজুলি-উৰহীলগা সংযোগী পথচোৱা অতি শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা কৰি দিবলৈ সংশ্লিষ্ট বিভাগটোক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Tea workers accident: ভাস্কৰ নাবাচিল; কি হ’ব পৰিয়ালৰ ?

ABOUT THE AUTHOR

...view details