ৰঙাপৰা, 16 মে’:ধাৰাসাৰ বৰষুণ আৰু পানী নিষ্কাষণৰ অপৰিকল্পিত ব্যৱস্থাৰ ফল ভোগ কৰিছে ৰঙাপৰাবাসীয়ে ৷ বিগত কিছুদিনৰে পৰা ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত ৷ যাৰ বাবে বহু অঞ্চলত প্লাৱিত কৰিছে নৈৰ বাঢ়নী পানীয়ে ৷ ইতিমধ্যে বানে বিভীষিকা আৰম্ভ কৰিছে ধেমাজি, নগাঁৱৰ বহু অঞ্চলত ৷ ইয়াৰ বিপৰীতে বহু অঞ্চলত পৰিলক্ষিত হৈছে কৃত্ৰিম বান ৷
শোণিতপুৰৰ ৰঙাপৰাবাসীয়েও কৃত্ৰিম বান(Artificial flood in Rangapara) ৰ বাবে জলা-কলা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কৃত্ৰিম বানৰ কবলত পৰিছে ৰঙাপৰাৰ বহু লোকৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ তদুপৰি ৰঙাপৰা-বিন্দুকুৰি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰেও বৈছে বৰষুণৰ পানী ৷
বিশেষকৈ 1 নং নামনিগাঁৱৰ বাট-পথসমূহৰো অধিকাংশ বিধ্বস্ত হৈ পৰিছে কৃত্ৰিম বানৰ ফলত ৷ দৰাচলতে ৰঙাপৰা পৌৰসভা(Rangapara municipality board) আৰু নামনিগাঁও গাঁও পঞ্চায়তৰ অপৰিপক্ক পানী নিষ্কাষণ ব্যৱস্থাৰ ফল ভুগিবলগীয়া হৈছে স্থানীয় লোকসকলে ৷ তদুপৰি বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলতে বৰষুণৰ পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ একপ্ৰকাৰ সাপ-বেঙৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ৰঙাপৰাবাসীয়ে ৷