তেজপুৰ, ১১ মাৰ্চ:আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছ’চিয়েচন (Army Wives welfare Association) ৰ অধীনত মহিলাসকলে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰ এক প্ৰদৰ্শনী আয়োজন কৰে ৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আয়োজন কৰা এই কাৰ্যসূচীত মহিলা উদ্যোগীসকলৰ বাবে ৱাকাথন, লেকচাৰ আৰু প্ৰদৰ্শনীৰ দৰে কেইবাটাও অনুষ্ঠানৰ ৰূপায়ণ কৰা হয় (Army Wives welfare Association exhibition) ।
উল্লেখ্য যে, সেনা পত্নী কল্যাণ সংস্থা হৈছে এক সংস্থা যি সেনা বাহিনীৰ লোকৰ পতি-পত্নী আৰু সন্তানৰ কল্যাণৰ বাবে কাম কৰে । ১৯৬৬ চনৰ ২৩ আগষ্টত ৱেলফেয়াৰ চছাইটি হিচাপে সেনা পত্নী কল্যাণ সংস্থা পঞ্জীয়ন কৰা হৈছিল ৷ দিন বাগৰি যোৱাৰ লগে লগে এই সংস্থাৰ পৰিসৰ আৰু উপলব্ধতা বৃদ্ধি পায় ৷ সম্প্ৰতি এই সংস্থা ভাৰতৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা হিচাপে পৰিগণিত কৰা হয় ৷
সেনা পত্নী কল্যাণ সংস্থাই ( AWWA) মহিলা উদ্যোগীসকলক ইয়াৰ অফিচিয়েল ৱেবছাইট www.awwa.org.in পঞ্জীয়ন কৰি সবলীকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।