তেজপুৰ, ১৫ জুলাই :অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ উজনি চিয়াং জিলাত বুধবাৰে পুৱা ভাৰতীয় সেনা(Indian Army)ৰ এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ পাহাৰৰ পৰা দ খাৱৈত ট্ৰাকখন বাগৰি পৰাৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে দহগৰাকী জোৱান আহত হয় ৷ ইয়াৰে চাৰিগৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ।
১১ গৰাকী জোৱানক লৈ সেনাৰ বাহনখন মিগিঙৰ এটা ট্ৰেঞ্জিট কেম্পৰ পৰা জিলাখনৰ টুটিং সেনা শিবিৰলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সেনাৰ এটা সূত্ৰই জানিবলৈ দিছে । টুটিঙৰ অতিৰিক্ত উপায়ুক্ত (Additional Deputy Commissioner) ষ্টাৰলি জামোহে সদৰী কৰা অনুসৰি, পাহাৰীয়া পথটোৱেদি গৈ থকা অৱস্থাত পুৱা প্ৰায় ৭.১০ বজাত ট্ৰাকখন পাংগো আৰু টুটিংৰ মাজৰ খাদত বাগৰি পৰে ।