অসম

assam

ETV Bharat / state

মনিপুৰৰ সেনাপতি জিলাত শেষ শ্ৰদ্ধা উত্তৰ ছিকিমৰ হিমস্খলনত নিহত সেনা বিষয়াক - ছিকিম

শনিবাৰে মনিপুৰৰ সেনাপতি জিলাৰ মৰাম চেন্টাৰত অজশ্ৰ গুণমুগ্ধৰ উপস্থিত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বীৰ শ্বহীদ সেনা বিষয়া লেঃ কৰ্নেল ৰবাৰ্ট টিএক । বৃহস্পতিবাৰে তথা ১৪ মে' ত উত্তৰ চিকিমৰ লুঙনাক লা' ত হিমস্খলনত শ্বহীদ হৈছিল বীৰ জোৱান জন ।

উত্তৰ ছিকিমৰ হিমস্খলনত নিহত সেনা বিষয়াক
মনিপুৰৰ সেনাপতি জিলাত শেষ শ্ৰদ্ধা উত্তৰ ছিকিমৰ হিমস্খলনত নিহত সেনা বিষয়াক

By

Published : May 16, 2020, 10:33 PM IST

তেজপুৰ, ১৬ মে':গভীৰ উদ্দেগ আৰু অপেক্ষাৰ অন্তত অৱশেষত মনিপুৰৰ সেনাপতি জিলাৰ মৰাম চেন্টাৰত শনিবাৰে বিয়লি উপস্থিত হয় বীৰ শ্বহীদ সেনা বিষয়া লেঃ কৰ্নেল ৰবাৰ্ট টিএ ৰ মৃতদেহ ৷ বীৰ সেনা গৰাকীৰ মৃতদেহ মৰাম চেণ্টাৰত উপস্থিত হোৱা পাচতে শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে চেণ্টাৰত সেনাপতি জিলা প্ৰশাসনৰ শীৰ্ষ সেনা বিষয়াৰ উপৰিও উপস্থিত থাকে অজশ্ৰ গুণমুগ্ধ ।

মনিপুৰৰ সেনাপতি জিলাত শেষ শ্ৰদ্ধা উত্তৰ ছিকিমৰ হিমস্খলনত নিহত সেনা বিষয়াক

উল্লেখ্য যে, উত্তৰ ছিকিমৰ লুঙনাক লা' ত বৃহস্পতিবাৰে হিমস্খলনত শ্বহীদ হয় ভাৰতীয় সেনাবাহিনীৰ দুজনকৈ জোৱান । তাৰ ভিতৰত এজন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মনিপুৰৰ সেনাপতি জিলাৰ মৰাম চেন্টাৰৰ লেঃ কৰ্নেল ৰবাৰ্ট টিএ ৷ শ্বহীদ ৰবাৰ্ট টিএ ( ৩৯) মনিপুৰৰ "মৰাম নগা " কমিউনিটিৰ Tuiba Angelus পুত্ৰ আৰু এই কমিউনিটিৰ প্ৰথম গৰাকী ভাৰতীয় সেনা বিষয়া ৷

উত্তৰ ছিকিমৰ হিমস্খলনত নিহত সেনা বিষয়াক

তথ্য অনুসৰি, সেনাবাহিনীৰ ৩ নং ইঞ্জিনিয়াৰিঙৰ মুঠ ১৮ জন সেনাবাহিনীৰ লোকৰ সৈতে উত্তৰ চিকিমৰ চীন সীমান্তত পেট্ৰলিংৰ আৰু বৰফ আটৰোৱাৰ দ্বায়িত্ব থকা অৱস্থাতে শ্বহীদ হয় ৰবাৰ্ট টিএ ।

আনহাতে, এজন দক্ষ কাৰিকৰী বিষয়া ৰবাৰ্টে ২০০৪ চনত ডেৰাডুনস্থিত INDIAN MILITARY ACADEMY ৰ পৰা সেনাত ভৰ্তি হৈছিল ৷

ABOUT THE AUTHOR

...view details