অসম

assam

ETV Bharat / state

Army Helicopter Crash Controversy: আদি সম্প্ৰদায়ৰ বসতিস্থানত কোনো দেশবিৰোধী কাৰ্যকলাপ সহ্য কৰা নহয় - Adi community of Arunachal Pradesh

মণিপুৰ আৰু নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত সক্ৰিয় দুটা বিদ্ৰোহী গোট মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট (Manipur Naga Peoples Front, MNPF) আৰু ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে (Revolutionary Peoples Front, RPF) এই আক্ৰমণ কৰা বুলি চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছিল ।

ABK
ABK

By

Published : Oct 28, 2022, 8:44 PM IST

তেজপুৰ, ২৮ অক্টোবৰ :যোৱা ২১ অক্টোবৰত অৰুণাচলৰ উজনি চিয়াং জিলাত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ শেহতীয়াভাৱে বিতৰ্কৰ সৃষ্টি হৈছে (Controversy in Arunachal helicopter crash) । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ দুদিনৰ পিছত অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ টুটিঙৰ ওচৰৰ চিংগিং গাঁৱত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Indian Army Helicopter crashed in Arunachal) সন্দৰ্ভত প্ৰচাৰিত এক প্ৰেছ বিজ্ঞপ্তিয়ে উক্ত বিতৰ্কৰ সৃষ্টি কৰে ।

Army Helicopter Crash Controversy : আদি সম্প্ৰদায়ৰ বসতিস্থানত কোনো দেশবিৰোধী কাৰ্যকলাপ সহ্য নকৰে

কিছুমান সংবাদ মাধ্যমে উক্ত প্ৰেছ বিজ্ঞপ্তিৰ উদ্ধৃতি দি প্ৰকাশ কৰে যে সেয়া দুৰ্ঘটনা নহয়, এটা সন্ত্ৰাসবাদী কূটাঘাত । লগতে দাবী কৰা হয় যে উক্ত কূটাঘাত পিপলছ লিবাৰেচন আৰ্মী (Peoples Liberation Army) আৰু মণিপুৰ নাগা ৰিভলিউচনেৰী ফ্ৰণ্টে (Manipur Naga Revolutionary Front) সংঘটিত কৰাৰ দায়িত্ব স্বীকাৰ কৰি উক্ত বিজ্ঞপ্তি জাৰি কৰিছে ।

কিন্তু অৰুণাচল প্ৰদেশৰ আদি সম্প্ৰদায়ৰ (Adi community of Arunachal Pradesh) শীৰ্ষ সংগঠন আদি বানে কেবাঙে (Adi Bane Kebang, ABK) আজি অৰুণাচল প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি পূৰ্বৰ উক্ত প্ৰেছ বিবৃতি সন্দৰ্ভত সংবাদমেলত গৰিহণা দিয়ে । লগতে আদি বানে কেবাঙৰ মুখপাত্ৰ বিজয় তাৰামে উক্ত প্ৰেছ বিবৃতিটোক 'বিভ্ৰান্তিকৰ আৰু ভুৱা' বুলি উল্লেখ কৰে ।

এই সন্দৰ্ভত সংবাদমেলত তাৰামে কয়, "এবিকে আদি জনসাধাৰণৰ শীৰ্ষ সৰ্বোচ্চ পৰিষদ হোৱাৰ পৰিপ্ৰেক্ষিতত এমএনআৰএফে (MNRF) সস্তীয়া প্ৰচাৰৰ বাবে যি এনে নিষ্ঠুৰ, অসাৱধান, অসংবেদনশীল তথা ভুৱা দাবী কৰিছে তাক সম্প্ৰদায়টোৰ হৈ কঠোৰতম ভাষাৰে গৰিহণা দিছোঁ ।" তেওঁ লগতে কয় যে আদি সম্প্ৰদায়ে আদি অঞ্চলত কোনোধৰণৰ দেশবিৰোধী কাৰ্যকলাপ সহ্য নকৰে ।

উল্লেখ্য, মণিপুৰ আৰু নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত সক্ৰিয় দুটা বিদ্ৰোহী গোট মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট (Manipur Naga Peoples Front, MNPF) আৰু ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে (Revolutionary Peoples Front, RPF) এই আক্ৰমণ কৰা বুলি চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছিল ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুয়োটা বিদ্ৰোহী গোটে অঞ্চলটোৰ বিভিন্ন সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । উগ্ৰপন্থী সংগঠন দুটাৰ দাবী, এডভান্সড লাইট (Advanced Light helicopter) হেলিকপ্টাৰখন দুয়োটা গোটৰ যুটীয়া সামৰিক শাখা পিপলছ লিবাৰেচন আৰ্মীৰ সদস্যসকলে মৰ্টাৰ আৰু আৰপিজিৰ সহায়ত এক আক্ৰমণৰ জৰিয়তে ভূপতিত কৰিছিল ।

আনহাতে, দুয়োটা সংগঠনে হেলিকপ্টাৰখনত থকা সকলো সেনা জোৱানক হত্যা কৰাৰ দায়িত্বও স্বীকাৰ কৰিছে । উত্তৰ-পূৰ্বাঞ্চল, জম্মু-ম্মুকাশ্মীৰ আৰু পঞ্জাবৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ শক্তি) আইন (AFSPA) সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী জনাই এমএনপিএফ আৰু আৰপিএফে অঞ্চলটোত দেশৰ নিৰাপত্তা বাহিনীৰ ওপৰত অধিক আক্ৰমণ চলাব বুলিও ভাবুকি দিছিল । স্থানীয় সংবাদ মাধ্যমে এমএনপিএফ আৰু আৰপিএফৰ দ্বাৰা যুটীয়াভাৱে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিৰ উদ্ধৃতি দি এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Neel Pawan Baruah passes away: আজন্ম প্ৰেমিক শিল্পীৰ বিদায়

ABOUT THE AUTHOR

...view details