অসম

assam

ETV Bharat / state

অৰুণাচলৰ উজনি সোৱণশিৰিত ভাৰতীয় সেনাই বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী - indian army

অৰুণাচলৰ উজনি সোৱনশিৰিত ভাৰতীয় সেনাৰ বাহিনীয়ে বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী । মহামাৰী কৰ'ণাৰ ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখিয়ে সেনাবাহিনীৰ এটা চিকিৎসকৰ দলে বিতৰণ কৰে খাদ্য সামগ্ৰীৰ লগতে মাস্ক আৰু হেণ্ড গ্লোভচ বিতৰণ কৰে ।

অৰুণাচল
অৰুণাচলৰ উজনি সোৱণশিৰিত ভাৰতীয় সেনাই বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী

By

Published : May 21, 2020, 10:27 PM IST

তেজপুৰ,২১ মে' : ভাৰতীয় সেনা বাহিনীয়ে কৰ'ণা ভাইৰাছ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ ভিতৰুৱা টাস্কিনত অঞ্চলৰ লিমকিং চক্ৰত কিছু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷

অৰুণাচলৰ উজনি সোৱণশিৰিত ভাৰতীয় সেনাৰ চিকিৎসা সামগ্ৰী বিতৰণ

সেনাবাহিনীৰ এটা চিকিৎসকৰ দলে এগৰাকী মহিলা চিকিৎসকৰ তত্ববধনাতাত ৰাজহ চক্ৰটোত ঘৰে ঘৰে চিকিৎসা সামগ্ৰী বিতৰণ কৰে আৰু মহামাৰী COVID-19ৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

অৰুণাচলৰ উজনি সোৱণশিৰিত ভাৰতীয় সেনাৰ চিকিৎসা সামগ্ৰী বিতৰণ

লগতে প্ৰত্যেক ঘৰতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী বিতৰণ কৰে দলটোৱে ৷ প্ৰত্যেক ব্যক্তিকে মাস্ক আৰু হেণ্ড গ্লোভচ প্ৰদান কৰে ৷

অৰুণাচলৰ উজনি সোৱণশিৰিত ভাৰতীয় সেনাৰ চিকিৎসা সামগ্ৰী বিতৰণ

আনহাত, উজনি সোৱশিৰি জিলাৰ উপায়ুক্তই সেনাৰ এই পদক্ষেপক আদৰণি জনায় আৰু সেনাৰ চিকিৎসা বিভাগে দিয়া পৰামৰ্শ মানি চলিবলৈ আহ্বান জনায় ৷

অৰুণাচলৰ উজনি সোৱণশিৰিত ভাৰতীয় সেনাৰ চিকিৎসা সামগ্ৰী বিতৰণ

ABOUT THE AUTHOR

...view details