অসম

assam

By

Published : Apr 22, 2021, 7:22 PM IST

ETV Bharat / state

অৰুণাচলৰ ভাৰত-চীন সীমান্ত পৰিদৰ্শন ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ

ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে দুদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা ভ্ৰমণ কৰে । সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ লগত বিষয়াগৰাকীয়ে বাৰ্তালাপ কৰে আৰু সীমান্তত শান্তি শৃংখলা অটুট ৰখাৰ বাবে আহ্বান জনায় ।

অৰুণাচলৰ সীমান্ত অঞ্চল পৰিদৰ্শন আৰ্মীৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ
অৰুণাচলৰ সীমান্ত অঞ্চল পৰিদৰ্শন আৰ্মীৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ

তেজপুৰ, ২২ এপ্ৰিল:দুদিনীয়া কাৰ্যসূচীৰে জি অ' চি-ইন-চি ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল অনিল চৌহানৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ । সীমান্তৰ ফৰৱাৰ্ড অঞ্চলত সেনাৰ অতিৰিক্ত মোটায়েন সন্দৰ্ভত ২১ আৰু ২২ তাৰিখে কৰা এই ভ্ৰমণত সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ লগত বিষয়াগৰাকীয়ে বাৰ্তালাপ কৰে আৰু সীমান্তত শান্তি শৃংখলা অটুট ৰখাৰ বাবে আহ্বান জনায় ।

ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী চৌহানে স্পিয়াৰ কৰ্পৰ দ্বাৰা সীমান্তৰ উচ্চ পৰ্যায়ৰ মোটায়েন আৰু অভিযানৰ পৰিপূৰ্ণতাৰ বাবে শলাগ লয় । লগতে অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম অঞ্চলৰ উন্নয়নৰ বাবে সেনা বাহিনীয়ে স্থানীয় লোকক সহায় কৰাৰ বাবেও বিষয়াসকলক শলাগ লয় ।

লগতে পঢ়ক:গৌৰীপুৰত জাল নোটসহ চাৰিটাকৈ পিষ্টল উদ্ধাৰ

ABOUT THE AUTHOR

...view details