তেজপুৰ, 21 মে’:দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰ (নাগালেণ্ড) ত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে ৷ অৰুণাচল প্ৰদেশৰ উত্তৰ সীমান্ত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ডিমাপুৰত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধানগৰাকী ৷
ডিমাপুৰৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচত সেনা প্ৰধানগৰাকীক লেফটেনেণ্ট জেনেৰেল জনছন মেথু, জেনেৰেল অফিচাৰ কমাণ্ডিং স্পীয়ৰ কৰ্পছ আৰু ডিভিজন কমাণ্ডাৰসকলে উত্তৰ সীমান্তৰ বিদ্যমান পৰিস্থিতি আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ।