তেজপুৰ,14 জানুৱাৰীঃতেজপুৰত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা উদযাপন চতুৰ্থ সংখ্যক সশস্ত্ৰ বাহিনী প্ৰাক্তন সৈনিক দিৱস ৷ স্থল সেনাৰ চতুৰ্থ ক’ৰ(গজৰাজ ক’ৰ) মুখ্যালয়ত প্ৰাক্তন সৈনিকসকলৰ উপস্থিতিত ক’ৰ কামাণ্ডাৰ জিঅ’চি লে. জেন. মনোজ পাণ্ডেসামৰিক সন্মান প্ৰদান কৰি দিৱসৰ কাৰ্যসূচী মুকলি কৰে ৷ গজৰাজ যুদ্ধ স্মৃতিসৌধত প্ৰাক্তন সেনা বিষয়া কেপ্টেইন মুকুল কুমাৰ দাসে দিৱসৰ স্মৃতি শ্ৰদ্ধা নিৱেদন কৰে ৷
উল্লেখ্য যে,ভাৰতীয় স্থলসেনাৰ প্ৰথমগৰাকী জেনেৰেল ফিল্ড মাৰ্শ্বাল কে এম কাৰিয়াপ্পাৰ অৱসৰৰ দিনটোত সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ 2017 চনৰ স্থলসেনা দিৱসৰ পূৰ্বৰ দিনটো অৰ্থাৎ 14 জানুৱাৰী দিনটোৰ পৰাই এই দিৱস উদযাপন কৰি আহিছে ভাৰতীয় স্থল সেনাই ৷ স্বাধীনতাৰ পিছতে 1948 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ভাৰতৰ বিজয় নিশ্চিত কৰিছিল ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পাই ৷ পৰৱৰ্তী সময়ত 1949 চনৰ 15 জানুৱাৰীত তেখেতে স্থলসেনাৰ সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1953 চনৰ 14 জানুৱাৰীত স্থলসেনাৰ পৰা অনুস্থানিক ভাৱে অৱসৰ গ্ৰহণ কৰিছিল ৷