তেজপুৰ, ৭ ডিচেম্বৰ : মঙলবাৰে তেজপুৰৰ ৱাৰ মেম'ৰিয়েলত (Tezpur War Memorial) উদযাপন কৰা হয় সশস্ত্ৰ বাহিনী পতাকা দিৱস (Armed Forces Flag Day observed at Tezpur) । এই উপলক্ষে কাৰ্গিল যুদ্ধৰ সৈনিক ঘনকান্ত কেওটক সম্বৰ্ধনা জনোৱা হয় (Kargil war) । উল্লেখ্য, তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সেই সময়ত কাৰ্গিল যুদ্ধৰ আহত সৈনিক কেপ্টেইন ঘনকান্ত কেওটক চিকিৎসালয়ত গৈ খবৰ লৈছিল (Former PM Atal Bihari Vajpayee) ।
তাত তেওঁক পুনৰ যুদ্ধক্ষেত্ৰলৈ যাব পাৰিবনে নাই বুলিও বাজপেয়ীয়ে সুধিছিল । মঙলবাৰে তেজপুৰত পতাকা দিৱসত সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে সুঁৱৰি এই কথা প্ৰকাশ কৰে ঘনকান্ত কেওটে । উল্লেখ্য, কাৰ্গিল যুদ্ধৰ সময়ত বাটালিকত শত্ৰুৰ গুলীত থকা-সৰকা হোৱা তেজপুৰৰ সৈনিক ঘনকান্ত কেওটে আজি সশস্ত্ৰ বাহিনী পতাকা দিৱসত কাৰ্গিল যুদ্ধৰ স্মৰণীয় কাহিনী বৰ্ণনা কৰে ।
আজি ফ্লেগ দিৱস উপলক্ষে কেপ্টেইন ঘনকান্ত কেওটৰ লগতে শোণিতপুৰ জিলাৰ ৮ গৰাকী বীৰাংগনাক ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ ষ্টেচন কমাণ্ডাৰ আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ উপস্থিতিত সন্মানিত কৰা হয় । আনহাতে, বিগত ৭৫ বছৰত দেশমাতৃৰ হকে সৰ্বোচ্চ বলিদান দিয়া বীৰ সৈনিকসকলক স্মৰণ কৰি তেজপুৰ আৱৰ্ত ভৱনৰ ৱাৰ মেম'ৰিয়েলত চতুৰ্থ ক'ৰৰ ষ্টেচন কমাণ্ডাৰ ব্ৰিগেডিয়াৰ সঞ্জীৱ কুমাৰ ভোৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।