তেজপুৰ, ১৩ মে': ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ সোণৰ পদক অৰ্জন কৰা অসমৰ এগৰাকী মহিলা পাঞ্জা খেলুৱৈয়ে অৰ্থৰ অভাৱত ৭ বাৰ কৈ বঞ্চিত হ’ল আন্তঃ ৰাষ্ট্ৰীয় খেলত যোগদান কৰাৰ পৰা । মনত অদম্য হেঁপাহ লৈ দৰিদ্ৰতাক নেওচি পুনৰ অসমৰ হৈ ৮০ কেজি ওজনৰ শাখাত আন্তঃৰাজ্যিক পাঞ্জা খেললৈ সাজু হৈছে চতিয়াৰ জোনালী শইকীয়া (Arm wrestler from Assam)৷
যিটো সময়ত অসম তথা ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে চৰকাৰে বিভিন্ন সহায় তথা আঁচনিৰ জৰিয়তে অৰ্থৰ অভাৱত পৰা খেলুৱৈসকলক সকাহ দিছে সেই সময়তে বিশ্বনাথ জিলাৰ চতিয়াৰ খনাগুৰিৰ জোনালী শইকীয়াই চৰকাৰৰ সহায় তথা খেলুৱৈৰ সন্মানৰ পৰাও বঞ্চিত হৈ আছে । ১৯৮৪ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰি অসম তথা তেতিয়াৰ শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল জোনালী (Arm wrestler Junali Saikia)।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জোনালী শইকীয়াই জনায় যে, আৰ্থিক দৈন্যতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰাৰ পৰা তেও বহুবাৰ বঞ্চিত হৈছে । বিগত সময়চোৱাত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰিবলৈ তেও সক্ষম হোৱা নাই । খেলত পদক অৰ্জন কৰাৰ পাছত ক্ৰীড়া বিভাগৰ পৰা সম্বৰ্ধনাতেই সীমাবদ্ধ হৈ পৰে । প্ৰতিখন খেলত অংশগ্ৰহণ কৰিবৰ বাবে যাতায়তৰ খৰছ ২০-২৫ হাজাৰ টকাৰ প্ৰয়োজন হয় আৰু সেয়া অন্যৰ সহায়ৰ অবিহনে সম্ভৱ হৈ নুঠে বুলি তেওঁ মন্তব্য কৰে ।