তেজপুৰ,14 ফেব্ৰুৱাৰী: শনিবাৰে ভাৰতীয় সেনাবাহিনীত সংযুক্ত হ'ল ঘাতক অৰ্জুন মেইন বেটেল টেংক (MK-1A) ৷ ডিফেঞ্চ ৰিছাৰ্চ ডেভলপমেণ্ট সংস্থা চমুকৈ ডিআৰডিঅ’-ই উন্নত প্ৰযুক্তিৰ সহায়ত নতুনকৈ প্ৰস্তুত কৰি উলিয়াইছে এই যুঁজাৰু টেংকখন ৷ তামিলনাডুৰ টেংক নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা টেংকখনক স্বাগতম জনাইছে ভাৰতীয় সেনা বাহিনীয়ে ৷
দেওবাৰে নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰসংগত কয় যে, তামিলনাডুৰ টেংক নিৰ্মাণ কাৰখানাই ভাৰতক অধিক শক্তিশালী ৰূপত গঢ় দিব ৷ ইণ্ড’জেনিয়াছ পদ্ধতি অৱলম্বন কৰা আত্ম নির্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত ই এক সুকীয়া পৰিচয় হ'ব ৷ এই টেংকখন অধিক শক্তিশালী আৰু কেবাটাও পৰিচালনা ক্ষমতা আছে বুলি প্ৰকাশ কৰে ৷