তেজপুৰ,৪ মাৰ্চ: 73 নং তেজপুৰ বিধান সভা সমষ্টি বিজেপিয়ে অগপক এৰি দিয়াৰ পাচতে সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত সন্নিৱিষ্ট হৈছে নতুন প্ৰাৰ্থীৰ নাম ৷ অসমৰ কলা সংস্কৃতি জগতৰ মহিৰূহ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথিৰাজ ৰাভাৰ নাম সন্নিৱিষ্ট হৈছে প্ৰাৰ্থীৰ তালিকাত ৷ বৰ্তমানৰ অগপ বিধায়ক বৃন্দাবন গোস্বামীৰ ঠাইত প্ৰাৰ্থীত্ব লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে পৃথিৰাজ ৰাভাৰ ।
তেজপুৰত অগপ দলৰ সম্ভাব্য প্ৰাৰ্থী পৃথিৰাজ ৰাভা - বিধায়ক বৃন্দাবন গোস্বামী
অসমৰ কলা সংস্কৃতি জগতৰ মহিৰূহ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথিৰাজ ৰাভাৰ নাম সন্নিৱিষ্ট হৈছে প্ৰাৰ্থীৰ তালিকাত ৷ বৰ্তমানৰ অগপ বিধায়ক বৃন্দাবন গোস্বামীৰ ঠাইত প্ৰাৰ্থীত্ব লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে পৃথিৰাজ ৰাভাৰ ।
![তেজপুৰত অগপ দলৰ সম্ভাব্য প্ৰাৰ্থী পৃথিৰাজ ৰাভা তেজপুৰত অগপ দলৰ সম্ভাব্য প্ৰাৰ্থী পৃথিৰাজ ৰাভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10874191-16-10874191-1614875764511.jpg)
তেজপুৰত অগপ দলৰ সম্ভাব্য প্ৰাৰ্থী পৃথিৰাজ ৰাভা
সমষ্টিৰ ৰাইজে এইবাৰ এখন নতুন মুখ বিচাৰাৰ পৰিণতিতে অগপৰ তৰফৰ পৰা পৃথিৱী ৰাজ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান কৰা সম্ভাৱনা প্ৰকট হৈ পৰাত উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৰাইজ।এগৰাকী নাট্যকাৰ,পৰিচালক, সুৰকাৰ তথা প্রাক্তন নিয়োগ বিনিয়োগ কেন্দ্ৰৰ উপ সঞ্চালক ৰাভাই প্ৰাৰ্থীত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰায় এশ শতাংশই নিশ্চিত ৷
লগতে পঢ়ক:ওলমি ৰৈছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা