অসম

assam

ETV Bharat / state

ভাৰত চৰকাৰে চীনৰ লগত কৰিছে গোপন মিতিৰালিঃ ৰিপুন বৰা

সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ চীনা আগ্ৰাসনৰ কথা জনসাধাৰণৰ পৰা লুকুৱাইছে । ভিতৰি চীনৰ লগত মিতিৰালি কৰি চীনৰ পৰা অৰ্থ সাহাৰ্য গ্ৰহণ কৰি আছে ভাৰত চৰকাৰে ৷

APCC president Ripun Borah criticise Modi Government
ভাৰত চৰকাৰে চীনৰ লগত কৰিছে গোপন মিতিৰালিঃ ৰিপুন বৰা

By

Published : Jun 28, 2020, 10:27 PM IST

তেজপুৰ, 28 জুন:সংবাদমেল যোগে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ দেওবাৰে তেজপুৰত এখন সংবাদেমেলৰ আয়োজন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক কেইবাটাও প্ৰশ্ন কৰে ৰিপুন বৰাই ৷ লগতে দেশবাসীকো প্ৰধানমন্ত্ৰী গৰাকীক এই সমুহ প্ৰশ্ন সুধিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৷

ভাৰত চৰকাৰে চীনৰ লগত কৰিছে গোপন মিতিৰালিঃ ৰিপুন বৰা

সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ চীনা আগ্ৰাসনৰ কথা জনসাধাৰণৰ পৰা লুকুৱাইছে । ভিতৰি চীনৰ লগত মিতিৰালি কৰি চীনৰ পৰা অৰ্থ সাহাৰ্য গ্ৰহণ কৰি আছে ভাৰত চৰকাৰে ৷ শেহতীয়াকৈ চীনৰ "হোৱেই" নামৰ এটা কোম্পানীৰ পৰা 7 কোটি, আৰু "টিক টক"ৰ পৰা 30 কোটি ধন সংগ্ৰহ কৰিছে মোডী চৰকাৰে ৷

ভাৰত চৰকাৰে চীনৰ লগত কৰিছে গোপন মিতিৰালিঃ ৰিপুন বৰা

লগতে অপ' মোবাইল কোম্পানীৰ পৰা পৰা এক কোটি টকা সংগ্ৰহ কৰিছে ভাৰত চৰকাৰে" ৷ আনহাতে যোৱা 20 মে' তাৰিখে ভাৰত চৰকাৰে চীনা চৰকাৰৰ পৰা 9,678 কোটি ধন সংগ্ৰহ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ লগতে পি এম কেয়াৰ ফাণ্ডত জমা হোৱা ধনৰ হিচাপ আৰু খৰচ ৰাজহুৱা কৰাৰ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

লগতে পঢ়কঃ সেনা-আৰক্ষীৰ যুটীয়া অভিযানত পিডিচিকেৰ এৰিয়া কামাণ্ডাৰ ধৃত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details