অসম

assam

ETV Bharat / state

পুনৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য - earthquake

ৰাজ্যত পুনৰ 4.2 প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভুত । বৃস্পতিবাৰে, পুৱতি নিশাও 4.1 প্ৰাব্যল্যৰ আন এক ভূমিকম্পই জোকাৰি গৈছিল অসম ৷ সঘনাই অহা এনে ভূমিকম্পক লৈ সম্প্ৰতি চিন্তিত হৈছে ৰাজ্যবাসী ৷

another earthquake of  shook assam on friday night etv bharat news
পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

By

Published : Jun 19, 2021, 10:29 AM IST

Updated : Jun 19, 2021, 10:59 AM IST

তেজপুৰ, ১৯ জুন :শুকুৰবাৰে নিশা 1:07 বজাত অহা এটা ভূমিকম্প(earthquake)ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য । ৰিখতাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য 4.2 আৰু ইয়াৰ গভীৰতা 30 কিলোমিটাৰ বুলি জানিব পৰা গৈছে । লক্ষ্যণীয়ভাৱে এই ভূমিকম্পটোৰ অভিকেন্দ্ৰও (epicenter) শোণিতপুৰ জিলা ।

উল্লেখযোগ্য যে, বৃস্পতিবাৰে পুৱতি নিশাও প্ৰায় 4.1 প্ৰাব্যল্যৰএটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৰাজ্যখনত ৷ এই ভূমিকম্পটোৰ এটা দিন পাৰ নহওঁতেই অহা আন এটা ভূমিকম্পৰ বাবে এতিয়া চিন্তিত হৈছে ৰাজ্যবাসী ৷ স্মৰ্তব্য যে, বিগত 28 এপ্ৰিল তাৰিখে পুৱা 7.50 বজাত অনুভুত হোৱা 6.7 প্ৰাবল্যৰ ডাঙৰ ভূমিকম্পটোৰ জোকাৰণি প্ৰায় 30 ছেকেণ্ড সময় ধৰি অনুভূত হৈছিল ৷

এই ভূমিকম্পটোৱে ৰাজ্যৰ বহু বিলাসী হোটেল, এপাৰ্টমেন্ট আদিৰ ক্ষতি কৰিছিল ৷ একেটা ভূমিকম্পৰ প্ৰভাৱতে ওডালগুৰি জিলাৰ অসম-ভূটান আৰু অৰুণাচল সীমান্ত(Assam-Arunachal-Bhutan border)ৰ ভৈৰৱকুণ্ড পাহাৰ খহি পৰিছিল ৷ একেদিনাই অৰ্থাৎ, 28 এপ্ৰিল বুধবাৰৰ দিনটোতে ইটোৰ পিচত সিটোকৈ কেইবাটাও জোকাৰণিয়ে নিশালৈকে জোকাৰি গৈছিল ৰাজ্য খনক ৷

সেয়াই আছিল আৰম্ভণি, 28 এপ্ৰিলৰ পৰৱৰ্তী সময়চোৱাত বিগত ডেৰমাহে ক্ৰমাগতভাৱে ৰাজ্যখনক বৰ্তমানলৈকে কেইবাটাও ভুমিকম্পই জোকাৰি গৈছে ৷ সঘনাই অহা এনে ভুমিকম্পৰ বাবে ৰাজ্যবাসী এতিয়া ত্ৰাসিত হৈছে ৷ এফালে মহামাৰীৰ তাণ্ডৱ আনফালে অনাগত বান সমস্যাই ৰাইজৰ মাজত এতিয়া ৰাইজৰ চকুৰ টোপনি হেৰাইছে ৷

ইফালে, প্ৰায়ভাগ ভূমিকম্পৰে অভিকেন্দ্ৰ শোণিতপুৰ জিলা হোৱাৰ বাবে জিলাখনৰ আৱাসীসকল বিশেষভাৱে চিন্তিত হৈছে ৷ এক আসন্ন বিপদৰ আশংকা কৰি জিলাখনৰ ৰাইজে তথা ৰাজ্যবাসীয়ে এতিয়া নেদেখাজনৰ আশীৰ্বাদকে একমাত্ৰ পথ হিচাপে লৈছে ৷

লগতে পঢ়ক :‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

Last Updated : Jun 19, 2021, 10:59 AM IST

ABOUT THE AUTHOR

...view details