অসম

assam

ETV Bharat / state

পুনৰ ভূমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য

মঙলবাৰে বিয়লি ৫:৩৩ মিনিটত এক ভূঁমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য ৷ 3.8 ৰিখটাৰস্কেল প্ৰাব্যল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ।

By

Published : May 18, 2021, 6:47 PM IST

Updated : May 18, 2021, 8:30 PM IST

another earthquake in assam
পুনৰ ভূমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য

তেজপুৰ, ১৮ মে':পুনৰ এক ভূঁমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য ৷ মঙলবাৰে বিয়লি ৫:৩৩ মিনিটত অনুভূত হৈছে এই এই জোকাৰণি ।

উল্লেখ্য যে, 3.8 ৰিখটাৰস্কেল প্ৰাব্যল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি । আনহাতে, ৰাজ্যখনত সঘনাই অহা ভূমিকম্পই সংকিত কৰি তুলিছে ৰাজ্যবাসীক । 3.8 প্ৰাব্যল্যৰ ভূমিকম্পটোৰ গভীৰতা 19 কিলোমিটাৰ ।

উল্লেখযোগ্য যে, বিগত 28 এপ্ৰিল তাৰিখে পুৱা ৭.৫১ বজাত অহা 6.7 প্ৰাবল্যৰ ভূমিকম্পটোৰ পিছত বহুকেইটা ভূঁমিকম্পৰ জোকাৰণিয়ে জোকাৰি গৈছে অসমক ৷

ইফালে, এই জোকাৰণি সমূহ ভৱিষ্যতে হ’ব পৰা ভয়ানক দূৰ্যোগৰ অশনি সংকেত বুলিও সংকিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ লগতে ভূমিকেন্দ্ৰ কেইটাৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাবাসী ৷

লগতে পঢ়ক :গুৱাহাটীত ক'ভিডৰ দ্বিতীয় ঢৌ'ত ৩৫২ গৰাকীৰ মৃত্যু

Last Updated : May 18, 2021, 8:30 PM IST

ABOUT THE AUTHOR

...view details