তেজপুৰ, ২৬ নৱেম্বৰ:মিনি বলীউডলৈ পৰিণত হৈছে অসম ৷ বিগত দিনকেইটাত ইজনৰ পৰা সিজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আহ-জাহ চলিছে অসমলৈ ৷ শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয়বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ (Anil Kapoor in Tezpur) ৷
বিদ্যালয় পুথিভঁৰালত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক অটোগ্ৰাফ দিয়াত ব্যস্ত হৈ পৰে অভিনেতাগৰাকী (Anil Kapoor at IAF School student in Tezpur ) । অভিনেতা ঋত্বিক ৰোশনৰ লগত অভিনেতাগৰাকীয়ে নিজৰ অভিনয়ৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে তেজপুৰ এয়াৰ বেছৰ কৰ্মীসকলৰ সৈতে জড়িত হয় আৰু যোৱা 10 দিন তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে সময় কটায় ৷