অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত - assam, Sonitpur

বৃহস্পতিবাৰে ৰাজ্যত পুনৰ অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল শোণিতপুৰ জিলাৰ ভূটান সীমান্ত । ৰিখটাৰ স্কেলত এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৭ ।

An Earthquake of 3.7 magnitude hits Assam
ৰাজ্যত পুনৰ ৩.৭ প্ৰব্যল্যৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত

By

Published : Nov 4, 2021, 12:58 PM IST

তেজপুৰ, ৪ নৱেম্বৰ: ভূমিকম্পৰ মৃদু জোকাৰণিয়ে কঁপাই গ'ল ৰাজ্য । বৃহস্পতিবাৰে পুৱা ১০.১৯ বজাত ৰাজ্যত ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় । তেজপুৰ চহৰৰ সমীপৱৰ্তী অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয় ।

ৰাজ্যত পুনৰ ৩.৭ প্ৰব্যল্যৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত

ৰিখটাৰ স্কেলত এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৭ । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল শোণিতপুৰ জিলাৰ ভূটান সীমান্ত । বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, ভূ-পৃষ্ঠৰ পৰা ইয়াৰ গভীৰতা আছিল ৩৫ কিল’মিটাৰ । চলিত বৰ্ষত কেইবাবাৰো সৰ-বৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ।

যোৱা ৩০ অক্টোবৰত দিনৰ ১২ বজাত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ সমীপত ৩.৫ প্ৰব্যল্যৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় । ইয়াৰ পাচতে কামেং নদীৰ পানী ঘোলা হোৱাৰ লগতে অস্বাভাৱিকভাৱে মাছৰ মৃত্যু হয় ।

আনহাতে, আজিও নদীখনৰ পানী ক'লা ৰঙৰ হৈয়ে আছে । যোৱা ৩ অক্টোবৰত ৩.৮ প্ৰাবল্যৰ ভূঁইকঁপৰ জোকাৰণিৰ কিছু সময়ৰ পিছতে তেজপুৰ চহৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ধাৰাসাৰ বৰষুণ হয় । সন্ধিয়া ৬ বজালৈকে বৃষ্টিপাত অব্যাহত থাকে । যোৱা ২৭ ছেপ্টেম্বৰত মাজনিশা অহা এক ভূঁইকঁপেও জোকাৰি গৈছিল ৰাজ্যক ৷

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২ ৷ মাজনিশা প্ৰায় ১২.৫২ বজাত জোকাৰণি অনুভূত হোৱা ভূমিকম্পৰ ভূ-পৃষ্ঠৰ পৰা গভীৰতা আছিল ১০ কিল’মিটাৰ ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২৮ তাৰিখৰ পুৱা ৮ বজাত ৬.৫ প্ৰাবল্যৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় । ভূমিকম্পৰ ফলত শোণিতপুৰ জিলাত অভিকেন্দ্ৰৰ পৰা পানী ওলাই আহিছিল ।


লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details