অসম

assam

ETV Bharat / state

ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ

এক বিশেষ অভিযানত মনিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰনাস্ত্ৰ খিনি । তাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক টুইট যুগে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীক দিয়ে এই তথ্য ।

Amrs seized from the indo-myanmar border by Manipur police
ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ

By

Published : Jun 13, 2020, 2:24 PM IST

তেজপুৰ ,13 জুন : ভাৰত ম্যানমাৰ সীমান্তৰ মণিপুৰৰ পৰা ড্ৰাগছ সহ উদ্ধাৰ হৈছে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ ৷ এক বিশেষ অভিযানত মনিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰনাস্ত্ৰ খিনি । তাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক টুইট যুগে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীক দিয়ে এই তথ্য । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ টুইটাৰ যোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দীৰ্ঘদিনৰ পৰা চলি অহা এই সমস্যা সমূহ সমাধানৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সীমান্তৰ উন্মুক্ত অৱস্থাৰ বাবে ম্যানমাৰৰ পৰা অবৈধ ভাৱে বিভিন্ন অসমাজিক কাৰ্য-কলাপ সংঘটিত হৈ আহিছে ।

উল্লেখ্য যে, মণিপুৰৰ আৰক্ষী আৰু কামাণ্ডৰ এটা দলে অভিযান চলাই মৰেহৰ টেংনৌপালনিষ্ট জিলাৰ খাইজমং টুথসং নামৰ ব্যক্তিজনৰ পৰা উদ্ধাৰ কৰে মাৰনাস্ত্ৰ সমূহ ৷ শাক-পাচলিৰ লগত এই বৃহৎ সংখ্যক অস্ত্ৰ কঢ়িয়াই নিছিল ব্যক্তিজনে ৷ উদ্ধাৰ হোৱা অস্ত্ৰ সমূহৰ মাজত আছে M&P Bodyguard 380 Smith & Wesson আৰু Six Glock 21 Gena বিভিন্ন ধৰণৰ USA পিষ্টল, মেগজিন, ৬ টা বেৰেল Cleaning Rods,12 টা পিষ্টল আৰু 6 টা প্লাষ্টিকৰ ফাইবাৰ ৷ সীমান্তত ড্রাগছ, উগ্ৰপন্থীৰ কাৰ্যকলাপ আৰু মাৰণাস্ত্ৰ সৰবৰাহৰ ঘটিলৈ ৰূপান্তৰিত হোৱাৰ তথ্য পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ হাতত উপলদ্ধ । উল্লেখযোগ্য যে, ভাৰত ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তৰ পূৰ্বাঞ্চলৰ চাৰি খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰে মুঠ 1,624 কিল'মিটাৰ আগুৰি আছে ।

ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ

কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ তথ্য অনুসৰি 2001-03 চনলৈ এই সীমান্তৰ পৰা কৰ্ছ বৰ্ডাৰ উগ্ৰপন্থীৰ আক্ৰমণত আৰু ভয়াবহ ড্ৰাগছৰ সৰবৰাহৰ ফলত হোৱা কূটঘাটত মুঠ ২০০ জন সুৰক্ষা বাহিনীৰ লোক নিহত হৈছিল । উল্লেখ্য যে, 2003 চনৰ মাৰ্চ মাহৰ এই উন্মুক্ত সীমান্তত ফেন্সিঙৰ কাম কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল যদিও আজিলৈও সম্পূৰ্ণ হৈ নুঠিল । ইয়াৰ ওপৰিও The United Nations Drug Control Programme (UNDCP) আৰু International Narcotics Control Board (INCB) য়েও এই সীমান্ত ভয়াবহ ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সৰবৰাহৰ পথ হিচাপে পৰিগণিত হোৱাৰ কথা প্ৰকাশ কৰিছিল ৷ এতিয়া কেন্দ্ৰীয় চৰকাৰে কেনেদৰে এই উন্মুক্ত সীমান্তৰ সুৰক্ষা প্ৰদান কৰি উত্তৰ পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যক সুৰক্ষিত কৰাৰ চেষ্টা কৰে সেইয়া পৰৱৰ্তী সময়তহে নিশ্চিত হ'ব ৷

লগতে পঢ়কঃ কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

ABOUT THE AUTHOR

...view details