অসম

assam

ETV Bharat / state

Scam in Co Operative Bank: মহাভৈৰৱ কো-অপাৰেটিভ বেংকৰ 8 কোটি টকীয়া কেলেংকাৰী; তেজপুৰ উকীল সন্থাৰ এজাহাৰ দাখিল - এজাহাৰ দাখিল

তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ 8 কোটি টকীয়া কেলেংকাৰি সন্দৰ্ভত সদৰ থানাত এজাহাৰ দাখিল তেজপুৰ উকীল সন্থাৰ ৷ এই বেংকত 8 কোটি টকা আত্মসাতৰ এক কেলেংকাৰি সম্প্ৰতি পোহৰলৈ আহিছে ৷

Mahabhairab Cooperative Urban Bank Ltd
এজাহাৰ দাখিল

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 10:49 PM IST

হাভৈৰৱ কো-অপাৰেটিভ বেংকৰ কেলেংকাৰী

তেজপুৰ, 3 নৱেম্বৰ :তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ এজন প্ৰাক্তন পৰিচালক ৰঞ্জন শৰ্মা, বেংকটোৰ কৰ্মচাৰী তথা ধন সংগ্ৰহ কৰা এজেন্ট সকলৰ বিৰুদ্ধে শুকুৰবাৰে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে তেজপুৰ উকীল সন্থাই ৷ উল্লেখযোগ্য যে এই বেংকটোত তেজপুৰ উকীল সন্থাৰ 21 লাখ টকা জমা থকাৰ উপৰিও তেজপুৰ আদালতৰ প্ৰায় চাৰিশ অধিবক্তাৰ একাউন্ট আছে ৷ এনে স্থলত তেজপুৰৰ অধিবক্তা সকলৰে কোটিৰ ঘৰত ধন জমা আছে এই বেংকত ৷

উল্লেখযোগ্য যে এই বেংকত 8 কোটি টকা আত্মসাতৰ এক কেলেংকাৰি সম্প্ৰতি পোহৰলৈ আহিছে ৷ তেজপুৰ আদালতৰ অধিবক্তা তথা চহৰখনৰ বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ধন মোকলাব পৰা অৱস্থাত নাই একমাত্ৰ বেংকটোত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিৰ বাবে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বেংকটোৰ প্ৰাক্তন কৰ্মচাৰী আৰু মোবাইল বেংকিং সেৱাত জড়িত মুঠ দুজনৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল বেংকটোৰ পৰিচালনা সমিতিয়ে ৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা শেহতীয়া হিচাপ পৰীক্ষাৰ সময়ত ওলোৱা মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ বিত্তীয় কেলেংকাৰিৰ পিছতেই তেজপুৰৰ এই সমবায় বেংকটোত সকলো ধৰণৰ লেনদেন 45 দিনলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷

আনহাতে এই বৃহৎ দুৰ্নীতিৰে বেংকটোৰ আন একাংশও জড়িত থকাৰ অভিযোগ উঠিছে যদিও বেংক পৰিচালনা সমিতিয়ে মাত্ৰ দুজনৰ বিৰুদ্ধেহে এজাহাৰ দাখিল কৰে ৷ শুকুৰবাৰে তেজপুৰ উকীল সন্থাই দাখিল কৰা এজাহাৰত বেংকটোৰ প্ৰাক্তন পৰিচালকসহ ধন সংগ্ৰহকাৰী এজেন্ট আৰু বেংকটোৰ কৰ্মচাৰী সকলৰ বিষয়েও উল্লেখ কৰাত কেলেংকাৰিৰ বহু তথ্যই তদন্তৰ সময়ত উন্মোচিত হোৱাৰ পথ প্ৰশস্ত কৰিছে ৷ ইফালে একোজন ধন সংগ্ৰহকাৰী এজেন্টে বেংকটোৰ গ্ৰাহকৰ পৰা দৈনিক ভিত্তিত সংগ্ৰহ কৰা 90 লাখ পৰ্যন্ত টকা জমা দিয়া নাই বুলি অভিযোগ উঠিছে ৷ এইদৰে আত্মসাত কৰা ধনেৰে তেজপুৰত কোটি টকীয়া সম্পত্তিৰ গৰাকী হোৱা এজেন্ট এতিয়াও সুৰক্ষিত হৈ আছে ৷

আনহাতে চৰকাৰী সমবায় বিভাগৰ এজন পৰিদৰ্শকো বেংকটোৰ হিচাপ-নিকাচ পৰীক্ষাৰে জড়িত থাকে ৷ কিন্তু 2014 ৰ পৰা চলি থকা অনিয়ম তৎসত্বেও ধৰা নপৰাটো ৰহস্যজনক ৷ ইয়াৰ আঁৰত আচলতে এই সকলো বেংকটোৰ ধন হৰলুকি হোৱাত জড়িত বুলি অভিযোগ উঠিছে ৷ ইফালে পূৰ্বে পাঁচ হাজাৰ আৰু বৰ্তমান 30 হেজাৰ টকা বেতন লাভ কৰা বেংকটোৰ কৰ্মচাৰীও এতিয়া কেইবা কোটি টকাৰ সম্পত্তিৰ গৰাকী ৷ এইসকলেই এতিয়া ঋণদাতাই ঋণ ঘূৰাই নিদিয়াৰ বাবেহে বেংকটোক লেনদেন বন্ধ কৰিবলৈ ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলালেও এইসকলেই প্ৰকৃততে বেংকটোৰ এই অচলাৱস্থাৰ মূল কাৰণ ৷

উল্লেখযোগ্য যে বহুকেইজন বেংকৰ কৰ্মচাৰীয়ে ধন লোৱাৰ পাছত সেই ধন ঘূৰাই নিদিয়াৰ এখন দীঘলীয়া তালিকা থকাৰ পাচতো মাত্ৰ দুজনৰ বিৰুদ্ধেহে এজাহাৰ দাখিল হোৱাটোও ৰহস্যজনক ৷ আনকি পূৰ্বে এজন কৰ্মচাৰীয়ে 60 লাখ টকাৰ ঋণ লৈ এটকাও ঘূৰাই নিদিয়া বুলিও অভিযোগ উঠিছে ৷ একেদৰে ব্যক্তিগত বাহন ক্ৰয় কৰি ইয়াৰ কিস্তিৰ ধনো বেংকটোৰ পৰা পৰিশোধ কৰা কৰ্মচাৰীও আছে বুলি অভিযোগ উঠিছে ৷ ইফালে বৃহৎ বিত্তীয় কেলেংকাৰি সংঘটিত হোৱা আৰু তেজপুৰৰ বহু লোকৰ ধন আত্মসাৎ হোৱা ঘটনাটোৰ তদন্ত আৰক্ষীয়ে যেনেদৰে কৰিব লাগিছিল তেনেদৰে কৰা নাই বুলিও অভিযোগ উঠিছে ৷

কেলেংকাৰিটোৰ দুই অভিযুক্তক ইমানদিনে গ্ৰেপ্তাৰ কৰাত ৰহস্যজনক ভাবে ব্যৰ্থ হৈছে আৰক্ষী ৷ এই দুজন পলাতক বুলিয়েই দায় সৰা আৰক্ষীয়ে এই দুই অভিযুক্তক কৰায়ত্ত কৰিলেই বেংকটোৰ 8 কোটি টকীয়া কেলেংকাৰিৰে জড়িত বহু সংখ্যক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে যদিও সেয়া এতিয়ালৈকে সম্ভৱ হোৱা নাই ৷ তেজপুৰৰ একাধিক ৰাজহুৱা অনুষ্ঠানৰ লগতে হেজাৰ হেজাৰ লোকৰ ধন জমা থকা বেংকটোত এতিয়া সকলো লেনদেন বন্ধ থকাত বহু গ্ৰাহকে চিকিৎসা, বিবাহকে ধৰি বহু প্ৰয়োজনীয় কামৰ বাবে ধন মোকলাব নোৱাৰি হাঁহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক :Lok Sabha election 2024: শোণিতপুৰৰ বাগিচাত প্ৰভাৱ বিস্তাৰ কৰিব কোনে ?

ABOUT THE AUTHOR

...view details