তেজপুৰ, ২০ অক্টোবৰ :তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ আঠ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত বেংকটোৰ এজন প্ৰাক্তন কৰ্মচাৰী আৰু মোবাইল বেংকিং সেৱাত জড়িত মুঠ দুজনৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ শুকুৰবাৰে তেজপুৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে এই তথ্য ৷ উল্লেখযোগ্য যে ইয়াৰে ঢেকিয়াজুলি নিবাসী প্ৰাক্তন কৰ্মচাৰীজনে বেংকটোত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বেংকটোৰ পৰা বৃহৎ পৰিমানৰ ধন ঋণ লৈ ওভতাই দিয়া নাই ৷
আনহাতে মোবাইল বেংকিঙৰে জড়িত তেজপুৰ নিবাসী কৰ্মচাৰীজনে নিজৰ একাউন্টতে বেংকৰ ধন জমা কৰিছিল ৷ উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা শেহতীয়া হিচাপ পৰীক্ষাৰ সময়ত ওলোৱা মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ বিত্তীয় কেলেংকাৰিৰ পিছতেই তেজপুৰৰ এই সমবায় বেংকটোত সকলো ধৰণৰ লেনদেন ৪৫দিনলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷ আনহাতে এই বৃহৎ দুৰ্নীতিৰে বেংকটোৰ আন একাংশও জড়িত থকাৰ অভিযোগ উঠিছে যদিও এই পৰ্যন্ত মাত্ৰ দুজনৰ বিৰুদ্ধেহে এজাহাৰ দাখিল হৈছে ৷
আনহাতে আৰক্ষীয়ে বেংকটোৰ কৰ্মচাৰী সকলক জেৰা কৰি আছে যদিও কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই ৷ আনহাতে এজাহাৰ দাখিল হোৱাৰ পিচতেই দুই অভিযুক্ত পলাতক অৱস্থাত আছে ৷ সমবায় বেংকটোৰ ধন আত্মসাৎ কৰি অগাধ সম্পত্তি তথা উদ্যোগৰ গৰাকী হোৱা এইসকল লোকৰ বাবেই এতিয়া বেংকটোত ধন জমা থোৱা গ্ৰাহক সকল বিপদত পৰিছে ৷