তেজপুৰ,২২ এপ্ৰিল: ৰাজ্যৰ চৌদিশে এতিয়া কৰ’ণাৰ বিভীষিকা ৷ ইয়াৰ মাজতে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এক আজৱ ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়ত চলি আছিল কৰ'ণাৰ ৰেপিড এণ্টিজেন পৰীক্ষা । মাত্ৰ ১০০ টকাৰ বিনিময়ত কোনো পৰীক্ষা সম্পন্ন নকৰাকৈয়ে স্বাস্থ্য বিষয়াই উপস্থিত লোকক প্ৰদান কৰিছে ক’ভিড-১৯ ৰ নিগেটিভ প্ৰমাণ পত্ৰ ৷
শোণিতপুৰত ১০০ টকাত উপলব্ধ ক’ভিড ১৯ ৰ নিগেটিভ ফলাফল - মাত্ৰ ১০০ টকাৰ বিনিময়ত
মাত্ৰ ১০০ টকাৰ বিনিময়ত পৰীক্ষা নকৰাকৈয়ে স্বাস্থ্য বিষয়াই ক’ভিড-১৯ ৰ নিগেটিভ প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ।
টেষ্ট অবিহনে কোভিড-১৯ ৰ নিগেটিভ প্ৰমান পত্ৰ
একাংশ স্থানীয় ৰাইজৰ তৎপৰতাত বৃহস্পতিবাৰে ধৰা পৰে এই ভয়ানক ঘটনা । ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে ইতিমধ্যে জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে তেজপুৰৰ পৰা চাৰিদুৱাৰ অভিমুখে ৰাওনা হৈছে । কৰ’ণাত বহু লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে একাংশই আকৌ ইয়াক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে ৷