ৰঙাপৰা, 29 মে’:শক্তি বিভাগৰ গাফিলতি আৰু অৱহেলাৰ বাবে সাধাৰণ ৰাইজে জলাকলা খাই অহাতো কোনো নতুন কথা নহয় । ভিতৰুৱা গাঁও-অঞ্চলসমূহো 24 ঘণ্টাই বিদ্যুতৰ পোহৰেৰে আলোকিত কৰাৰ কথা চৰকাৰে কৈ অহাৰ সময়তে বিগত প্ৰায় এটা মাহে অন্ধকাৰত থাকিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজ । নিশা হ'লেই আন্ধাৰত ডুব যায় গাঁওখন ।
ঠাকুৰবাৰী গাঁও পঞ্চায়তখনৰ ৱাৰ্ড সদস্য ৰমেশ তচাৰ অভিযোগ অনুসৰি, ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মইনাজুলি চাহ বাগিচাৰ 7 নং ৱাৰ্ডত স্থাপন কৰা সৌৰ চাকিবোৰ দীৰ্ঘদিনৰ পৰা বিকল অৱস্থাত পৰি আছে (Allegation of corruption in solar power supply) ৷