যোৰহাট বায়ুসেনা ছাউনীত শেষ শ্ৰদ্ধা তেৰগৰাকী বায়ুসেনাক - Jorhat Air Base
অৰুণাচলত সংঘটিত বায়ুসেনাৰ AN 32 বিমান দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ যোৰহাট বায়ু সেনা ছাউনীলৈ অনা হয় ৷ ছাউনীত বায়ুসেনাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় আটাইকেইগৰাকী বায়ুসেনাক ৷

যোৰহাট বায়ুসেনা ছাউনীত শেষ শ্ৰদ্ধা তেৰগৰাকী বায়ুসেনাক
তেজপুৰ, 20 জুনঃ যোৰহাটৰ পৰা উৰা মৰা বায়ুসেনাৰ AN 32 বিমানৰ আটাইকেইগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ আজি যোৰহাট বায়ুসেনা ছাউনীলৈ লৈ অনা হয় ৷ ছাউনীত বায়ুসেনাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় আটাইকেইগৰাকী বায়ুসেনাক ৷ ইতিমধ্যে যোৰহাট বায়ুসেনা ছাউনীৰ পৰা অহাকালিৰ ভিতৰত বিশেষ বিমানযোগে নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব বাৰগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ ৷ আনহাতে উইং কামাণ্ডাৰ জি এম চাৰ্লছৰ শেষকৃত্য যোৰহাটৰ গড়মূৰ ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হ'ব ৷