ৰঙাপৰা , 5 ডিচেম্বৰঃ ৰঙাপৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে ৰঙাপৰাৰ চহৰৰ মাজ মজিয়াত জাতিধ্বংসী বিধেয়কখনৰ বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ জুমুঠি দাহ কৰে ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷
ৰঙাপৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - কেবৰ বিৰুদ্ধে প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰঙাপৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক শেষ সকিয়নী সংগঠনটোৰ ৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰঙাপৰাত উত্তাল প্ৰতিবাদ