অসম

assam

ETV Bharat / state

ৰঙাপৰা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰথমটো খোজঃ সমষ্টি সমিতি গঠন - অসম জাতীয় পৰিষদ

সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে শোণিতপুৰ জিলাত গঠিত হ'ল অসম জাতীয় পৰিষদৰ ৰঙাপৰা সমষ্টি সমিতি । এই সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে হেমেন চন্দ্র শইকীয়াক আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে অচিত তাঁতী আৰু পাৰ্থ প্রতীম ডেকাক । ৰঙাপৰাস্থিত কমলা ভৱন প্রেক্ষাগৃহত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ যোগদান সভাও অনুষ্ঠিত হয় ।

ৰঙাপৰাত অসম জাতীয় পৰিষদৰ সমষ্টি সমিতি গঠন
ৰঙাপৰাত অসম জাতীয় পৰিষদৰ সমষ্টি সমিতি গঠন

By

Published : Jan 29, 2021, 1:09 PM IST

ৰঙাপৰা, ২৯ জানুৱাৰী: 'অসম প্রথম, সদায় আৰু চিৰদিন' এই লক্ষ্যৰে গঠন হোৱা অসম জাতীয় পৰিষদে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰথমটো খোজ পেলালে শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত । বৃহস্পতিবাৰে কমলা ভৱন প্রেক্ষাগৃহত ৰঙাপৰা নগৰ সমিতিৰ প্রাক্তন সভাপতি মেঘেন্দ্র কুমাৰ ডেকাৰ সভাপতিত্বত সমষ্টি সমিতি গঠন আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । সভা আৰম্ভ হোৱাৰ পূৰ্বে 'কা' বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ প্রতি শ্ৰদ্ধা নিবেদন কৰা হয় ।

ৰঙাপৰাত অসম জাতীয় পৰিষদৰ সমষ্টি সমিতি গঠন

অসম জাতীয় পৰিষদৰ জিলা আহ্বায়ক চহিদুৰ ৰহমানে কয় যে,আগন্তুক সময়ত অসম জাতীয় পৰিষদৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে ১৯খন আঞ্চলিক সমিতি, বুথ সমিতি আৰু সমষ্টি সমিতি গঠনৰ লক্ষ্য স্থিৰ কৰি এই সভাৰ আয়োজন কৰা হৈছে । কমলা ভৱন প্রেক্ষাগৃহত অনুষ্ঠিত এই সভাত ৰঙাপৰা সমষ্টি সমিতি গঠন কৰা হয় । ৰঙাপৰা সমষ্টি সমিতিৰ সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হয় হেমেন চন্দ্র শইকীয়াক ।

সমিতিৰ উপ-সভাপতিৰ দায়িত্ব ক্ৰমে ৰূপক মেধি, হৰেন বৰুৱা, দীপালী ওৰাং, চৌকত আহমেদ, ৰমেন্দ্র দাস অৰ্পণ কৰা হয় । লগতে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হ'ল অচিত তাঁতী আৰু পাৰ্থ প্রতীম ডেকাক । আনহাতে, সমষ্টিৰ মহিলা সমষ্টি সমিতিৰ সভানেত্ৰীৰ দায়িত্ব দীপালী গোহাঁইক দি আন এখন মহিলা সমষ্টি সমিতি গঠন কৰা হয়। এই অনুষ্ঠানতে একাংশ ৰাজনৈতিক দলৰ সদস্যই অসম জাতীয় পৰিষদত যোগদান কৰে ।

অনুষ্ঠানত উপস্থিত থাকে দলটোৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদক জান বৰা, জিলা আহ্বায়ক ক্ৰমে কুশল বৰা,নৃপেন মহন্ত,মিঠু মালাকাৰ, ৰূপক মেধিৰ লগতে জাতীয় পৰিষদৰ ভগ্নী সংগঠন মহিলা শক্তিৰ আহ্বায়িকা জয়া দাস শইকীয়া, জাতীয় পৰিষদৰ ৰাজ্যিক সদস্যা নিশা বৰা । অসম জাতীয় পৰিষদে সকলো জাতি-জনগোষ্ঠীক লগত লৈ আগবাঢ়ি যাব আৰু দলটোৱে আগন্তক দিনত হিতাধিকাৰী সৃষ্টি কৰাৰ বিপৰীতে ঘৰে ঘৰে নিয়োগ সৃষ্টি কৰাৰ লক্ষ্যৰে পৰিয়াল সমন্বয়ক নিয়োগ গঠন কৰিব বুলিও সদৰি কৰে দলটোৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদক জান বৰাই ।

লগতে পঢ়ক:নিৰ্বাচিত হ'ল তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি

ABOUT THE AUTHOR

...view details