তেজপুৰ, 16 মাৰ্চ: তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি প্রকাশ এআইউডিএফৰ এগৰাকী কেন্দ্ৰীয় নেতাৰ ৷ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অসন্তুষ্টিৰ বাবে তেজপুৰ সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত এইগৰাকী নেতাৰ ৷ বৰ্তমানে তেজপুৰ সমষ্টিত কংগ্ৰেছৰ ভিতৰচ’ৰাত যি ফাঁট মেলিছে তাৰেই সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এআইউডিএফ নেতা শেখ মহম্মদ ছিদ্দিকে ৷
শেখ মহম্মদ ছিদ্দিকে কয়, জীয়া ভৰলী নদীৰ প্ৰবল গড়াখহনীয়া আৰু ইতিহাস প্ৰসিদ্ধ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতি থকা ভাবুকিক প্ৰতিৰোধ কৰা তেওঁৰ প্ৰাৰম্ভিক লক্ষ্য ৷ এই সমস্যাৰ সমাধানৰ বাবে তেওঁ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব । লগতে গেৰুৱা দল বিজেপিৰ কবলৰ পৰা অসমক মুক্ত কৰাৰ উপৰিও মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰতো তেওঁ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷