তেজপুৰ, ১৩ ডিচেম্বৰ :এতিয়াও অব্যাহত আছে অৰুণাচল প্ৰদেশৰটাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘাতৰ উত্তেজনা (Tawang Clash) ৷ সৰ্বত্ৰে এতিয়া কেৱল টাৱাংকাণ্ডৰ চৰ্চা ৷ যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈ সস্তম হৈ আছে ভাৰতীয় সেনা বাহিনী ৷
ইয়াৰ মাজতে মঙলবাৰে বিয়লিৰ ভাগত তেজপুৰৰ আকাশত দেখিবলৈ পোৱা গৈছে বহু বায়ুসেনাৰ যুঁজাৰু বিমান ৷ টাৱাংকাণ্ডৰ পাচতেই তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় বায়ুসেনাৰো (IAF Combet Flying patrolling at Tezpur) ৷ যাৰ বাবে ভাৰতীয় বায়ুসেনা যুঁজাৰু বিমানে সঘনে নৈশ অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে ।
ইটিভি ভাৰতৰ কেমেৰাত আজি সন্ধিয়া বন্দী হৈছে এই অনুশীলনৰ দৃশ্যাংশ ।
লগতে কমবেত এয়াৰ পেট্ৰ’লিঙো বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । কিন্তু এই বিষয়ে বিভাগীয় সূত্ৰই কোনো তথ্য প্ৰকাশ কৰা নাই । বিগত সপ্তাহত চীনৰ পিএলএ সৈন্যই সীমান্ত ৰাজ্যখনৰ টাৱাং খণ্ডত একপক্ষীয়ভাৱে যথাৰ্থ অৱস্থা সলনি কৰাৰ প্ৰচেষ্টা চলোৱাৰ পিচতে ভাৰতীয় বায়ুসেনাই অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে (China India border situation) ৷