অসম

assam

ETV Bharat / state

বায়ু সেনাৰ উপ-মুখ্য সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ ল'লে এয়াৰ মাৰ্শ্বাল আৰ কে এচ ভাদুৰীয়াই - Air Marshal Rakesh Kumar Singh Bhadauria AVSM, VSM, VM, ADC

ভাৰতীয় বায়ু সেনাৰ উপ-সেনাধ্যক্ষ অনিল খোছলাৰ অৱসৰৰ পিচতেই আজি তেওঁৰ ঠাইত স্থলাভিষিক্ত হয় বায়ু সেনাৰ প্ৰথম শ্ৰেণীৰ বিষয়াগৰাকী ৷

Air Marshal Rakesh Kumar Singh Bhadauria

By

Published : May 1, 2019, 7:46 PM IST

তেজপুৰ, 1 মেঃ বায়ু সেনাৰ নতুন ভাইচ চীফ এৱ এয়াৰ ষ্টাফ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই ৷ নেশ্বনেল ডিফেন্স একাডেমীৰ প্ৰশিক্ষণপ্ৰাপ্ত বায়ু সেনা বিষয়াগৰাকীয়ে 1980 চনৰ 15 জুনত এগৰাকী যুঁজাৰু বৈমানিক হিচাপে বায়ু সেনাত যোগদান কৰিছিল ৷ নেশ্বনেল ডিফেন্স একাডেমীত নিজৰ যোগ্যতাৰ বলত শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী হিচাপে একাডেমীৰ সন্মানীয় ‘Sword of Honour’ সন্মান লাভ কৰিছিল ৷

বাংলাদেশৰ কামাণ্ড এণ্ড ষ্টাফ কলেজৰ পৰা ডিফেন্স ষ্টাডিজত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰা ভাদুৰীয়াই ভাৰতীয় বায়ুসেনাত 4250 ঘন্টাৰ সফল উৰণ সম্পন্ন কৰিছে ৷ 'A' শাখাৰ ফ্লায়িং ইনষ্ট্ৰাক্টৰ হোৱাৰ লগতে পাইলট এট্টাক ইনষ্ট্ৰাক্টৰ হিচাপে বায়ু সেনাত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট এয়াৰ মাৰ্শ্বালগৰাকী ৷

লাইট কম্বেট এয়াৰক্ৰাফ্ট চমুকৈ এল চি এ প্ৰজেক্টৰ চীফ টেষ্ট পাইলট, নেশ্বনেল ফ্লাইট টেষ্ট চেন্টাৰ অন এল চি এৰ প্ৰজেক্ট ডাইৰেক্টৰ, জেগুৱাৰ স্কোৱাড্ৰনৰ কামাণ্ডাৰ, ফ্লাইট টেষ্ট স্কোৱাড্ৰণ এট এয়াৰক্ৰাফ্ট এণ্ড ছিষ্টেম টেষ্টিং এষ্টাব্লিজমেন্টৰ কামাণ্ডাৰ, EoI Moscowৰ এয়াৰ এট্টাচ্ছি, এচিছটেন্ট চীফ অৱ দি এয়াৰ ষ্টাফ (প্ৰজেক্ট), নেশ্বনেল ডিফেন্স একাডেমিৰ কামাণ্ডেন্ট, চি এ চি মুখ্যালয়ৰ ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ, এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফ ছাউথাৰ্ণ এয়াৰ কামাণ্ড, বায়ু সেনা মুখ্যালয়ৰ ডেপুটি চীফ অৱ দি এয়াৰ ষ্টাফ হিচাপেও দায়িত্বভাৰ সম্পন্ন কৰিছিল এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই ৷ বৰ্তমানে বায়ু সেনাৰ প্ৰশিক্ষণ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফ হিচাপে কৰ্মৰত আছিল এয়াৰ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া ৷

বায়ু সেনাত নিজৰ দায়িত্ব আৰু কৰ্মকুশলতাৰ বাবে পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, বায়ু সেনা মেডেল আৰু এডিচিৰ সন্মান লাভ কৰিছে বায়ু সেনাৰ মাৰ্শ্বালগৰাকীয়ে ৷ আজি নতুন দিল্লীৰ বায়ু সেনা মুখ্যালয় বায়ু ভৱনত নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে প্ৰথম শ্ৰেণীৰ সামৰিক বিষয়াগৰাকীয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details