অসম

assam

By

Published : Aug 1, 2022, 8:43 PM IST

ETV Bharat / state

Tezpur Air Force Station: চুখৈ-30 ৰে আকাশ মাৰ্গ পৰিদৰ্শন বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ

যুঁজাৰু বিমান চুখৈৰ জৰিয়তে ভাৰতীয় বায়ুসেনাই সোমবাৰে পৰিদৰ্শন কৰে বায়ুসেনাৰ পথ ৷ তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখৈৰ জৰিয়তে আৰম্ভ কৰা এই পৰিদৰ্শন কালত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ আকাশমাৰ্গৰ পথৰ বুজ লয় ৷

Tezpur Air Force Station
ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰে পৰিদৰ্শন কৰিলে বায়ুসেনাৰ পথ

তেজপুৰ, 1 আগষ্ট: ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ডি কে পাটনাইকয়ে(Air Marshal Dilip Kumar Patnaik) আজি তেজপুৰ বায়ুসেনাৰ ঘাটিৰ(Tezpur Air Force Station) পৰা যুঁজাৰু বিমান চুখৈৰ জৰিয়তে বায়ুসেনাৰ পথ পৰিদৰ্শন কৰে । বায়ুসেনাৰ শ্বিলংস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ শ্ৰীপ্ৰকাশে(Wing Commander Shri Prakash) জনায় যে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য অসম, অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ডৰ আকাশ মাৰ্গৰে পৰিদৰ্শন কৰে ।

বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ বিষয়া পাটনায়কে তেজপুৰ বিমান ঘাটিৰ চুখৈ 30 MKI (SU-30MKI) বিমান উৰুৱাই প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ আকাশ মাৰ্গৰে পৰিদৰ্শন কৰি আকাশ মাৰ্গৰ পৰিবেশ আৰু বায়ুসেনাৰ ঘাটিসমূহ পৰ্যবেক্ষণ কৰে । উল্লেখ্য যে, তেজপুৰৰ বায়ুসেনাৰ ঘাটিত এজনীয়া আৰু দুজনীয়া পাইলটৰ চুখৈ-30 উপলব্ধ ।

বিগত ২০২১ বৰ্ষৰ শেষৰ ফালে ভাৰতীয় বায়ুসেনাত নতুনকৈ সংযোজিত অত্যাধুনিক যুঁজাৰু বিমান ৰাফেল বিমানৰ সংযোজন হোৱাৰ পৰিকল্পনা আছিল যদিও বৰ্তমানলৈকে এই বিমান সংযোজিত হোৱা নাই ৷ এয়াৰ মাৰ্চেল পাটনায়কে আজি তেওঁৰ ১.৩০ মিনিট সময়ৰ উৰণৰে চাৰিখন ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শনৰ কথাও জানিব পৰা গৈছে ৷ আনহাতে এই পৰিদৰ্শনকালত বায়ুসেনাৰ যুঁজাৰু পাইলটসকলক তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে প্ৰশংসা কৰে ।

লগতে পঢ়ক:Naxal killed in Encounter: নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নক্সাল সদস্যৰ মৃত্যু

ABOUT THE AUTHOR

...view details