তেজপুৰ,১১ এপ্ৰিল: উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে তেজপুৰৰ হেম বৰুৱা প্ৰাংগণত । মঙলবাৰৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (Agricultural Technology Management Agency) সৌজন্যত আৰু শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত “কৃষক মেলা”(Agriculture Exhibition in Sonitpur) । “কৃষকৰ উন্নতিয়েই দেশৰ প্ৰগতি” এই নীতিকেই সাৰোগত কৰি জিলাখনৰ কৃষকসকলৰ উৎপাদিত সামগ্রীৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰা এই কৃষক মেলাখনৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে শোণিতপুৰ জিলাৰ সন্মানীয় উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (Farmers Fair held in Sonitpur) ।
উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, জিলা পৰিষদৰ সভানেত্রী ডলী চুৰিণ, যুটীয়া কৃষি সঞ্চালক (উত্তৰ সংমণ্ডল) পবিত্ৰ শৰ্মা, জিলা কৃষি বিষয়া পংকজ শইকীয়াৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল । জিলাখনৰ কৃষকসকলৰ বাবে এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হোৱা মেলাখনে সামৰি লৈছে কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী, কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্র, কৃষকৰ প্ৰশিক্ষণ, ফচল বীমা যোজনাৰ পলিচি বিতৰণ আৰু কৃষি যন্ত্ৰ-পাতি বিতৰণ অনুষ্ঠানৰ ।
নাৰ্চাৰীৰ শিতানত জিলাখনৰ কেইবাখনো আগশাৰীৰ নাৰ্ছাৰীয়ে অংশগ্ৰহন কৰে । উপলব্ধ হৈছে বিভিন্ন ধৰণৰ ফুলৰ পুলি, ইনডোৰ প্লেণ্টছৰ উপৰিও ঔষধি গছৰ পুলি । জিলাখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীয়ে প্ৰদৰ্শনীস্থলীৰ শোভাবৰ্ধন কৰে । বিশেষকৈ ডিপুটা কৃষি চক্রৰ টেঙাবস্তিৰ নিৱাসী শ্বেখ মুদ্দাচিৰ আলমৰ কৃষি পথাৰত কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ উৎপাদিত থলুৱা ২১ কেজি ওজনৰ ৰঙালাও, জামুগুৰিহাটৰ ১৫ কেজি ওজনৰ ৰঙালাও, জামুগুৰিৰ আদৰ্শ কৃষক শৰৎ বৰুৱাৰ কলা জিকা, ষ্ট্ৰবেৰী আৰু কলীয়া ভোমোৰা কৃষক উৎপাদক কোম্পানীৰ মহিলা কৃষক জামিনী কলিতাৰ ক'লা চাউলে সকলোৰে দৃষ্টি আকর্ষণ কৰে ।