অসম

assam

ETV Bharat / state

জ্যোতিপ্ৰসাদৰ গৃহক নতুনত্ব দিব অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই - পৃথ্বীৰাজ ৰাভা

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ আৰু অগপ দলৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ ৷ অসমীয়া কথাছবি জগতৰ আৰম্ভণিৰ দিনটোতেই তেজপুৰস্থিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৃহ পকীক এক নতুনত্ব প্ৰদান কৰাৰ আশ্বাস দিয়ে প্ৰাৰ্থী গৰাকীয়ে ৷

agp-candidate-prithiraj-rabha-tribute-to-jyotiprasad-agarwala
জ্যোতিপ্ৰসাদৰ গৃহত নতুনত্ব দিব অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই

By

Published : Mar 10, 2021, 8:03 PM IST

তেজপুৰ,10 মাৰ্চ: অসমীয়া কথাছবি জগতৰ আৰম্ভণি হৈছিল 1935 চনৰ 10 মাৰ্চত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ ছবিৰ জৰিয়তে ৷ এইগৰাকী মহান শিল্পীক শ্ৰদ্ধাৰে সুঁৱৰিছে তেজপুৰ চহৰৰ মাজমজিয়াত তেওঁৰ সহপাঠী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ আৰু এইবাৰ অগপ দলৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই ।

জ্যোতিপ্ৰসাদৰ গৃহত নতুনত্ব দিব অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই

আগৰৱালাৰ প্ৰতিমূৰ্তিত ৰাভাই মাল্যাৰ্পণ কৰি আৰ্শীবাদ লয় আৰু জয়মতী ছবিৰ স্মৃতিসমূহত চকু ফুৰায় । অৱশ্যে ৰজাঘৰীয়াই জয়মতীৰ সেই দিনৰ কথা পাহৰিলেও শিল্পী মনৰ অধিকাৰী প্ৰাৰ্থী ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৃহ পকীক এক নতুনত্ব প্ৰদান কৰাৰ আশ্বাস দিয়ে ৷

জ্যোতিপ্ৰসাদৰ গৃহত নতুনত্ব দিব অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই

ইয়াৰ লগতে, ভৱিষ্যতে অসমৰ শিল্পীসকলৰ বাবে তথা অসমীয়া ছবি জগতৰ বাবে কাম কৰি যোৱাৰ এক ইংগিত প্ৰদান কৰে পৃথ্বীৰাজ ৰাভাই । নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাভাই কৈ গ’ল অসমৰ এই স্মৃতি বিজড়িত দিনটোৰ কথা ।

লগতে পঢ়ক :আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ

ABOUT THE AUTHOR

...view details