তেজপুৰ,৬মাৰ্চ: তেজপুৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত ক্ষোভৰ উদ্গীৰণ ঘটিছে । তেজপুৰ কাৰ্যালয়ত অগপৰ জিলা কাৰ্যকৰ্তা সকলে দেওবাৰে অনুষ্ঠিত কৰিব দলীয় সভা । আৰু এই সভাত সিদ্ধান্ত হ’ব অসম গণ পৰিষদৰ যোৱা ২৫ বছৰ বিধায়কৰ আসন গ্ৰহণ দখল কৰি থকা বৃন্দাবন গোস্বামী তথা দলৰ প্ৰাক্তন সভাপতি । আনহাতে বৰ্তমানৰ বিধায়ক গোস্বামী গুৱাহাটীৰ পৰা তেজপুত উপস্থিত হোৱা নাই লগতে যোগাযোগৰ নম্বৰ বন্ধ কৰি ৰাখিছে ।
তেজপুৰত বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী অগপ দলে নিদিলেও নিৰ্দলীয় হৈ নিৰ্বাচন খেলিবলৈ সাজু বৃন্দাবন গোস্বামীয়ে বুলি মন্ত্যব কৰিছে দলৰ জিলা সম্পাদক নাৰায়ণ দাস আৰু অগপ নেতা বিমল শইকীয়া । উল্লেখযোগ্য যে, 73 নং তেজপুৰ সমষ্টিত এইবাৰ অগপৰ ফালৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই প্ৰাৰ্থীত্ব পোৱাটো নিশ্চিত হোৱাৰ খবৰ পোৱাৰ বাবে অগপৰ ভেটিত এই দৰে ক্ষোভৰ উদ্গীৰণ ঘটিছে । ইপিনে পৃথ্বীৰাজ ৰাভাক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ বিচাৰিছিল যদিও বিজেপিৰ পৰিবৰ্তে অগপ পৰা প্ৰাৰ্থীত্বত লাভ কৰাত তেওঁ গুৰুত্ব দিয়াৰ বাবে তেওঁৰ নাম অগপৰ প্ৰাৰ্থীৰ তালিকাত প্ৰকাশ পাইছে বুলি জানিব পৰা গৈছে ।
তেজপুৰত বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী উল্লেখযোগ্য যে, বৃন্দাবন গোস্বামী ১৯৮৫ চনত প্ৰথম বাৰৰ বাবে অগপৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত জয় লাভ কৰি শিক্ষা মন্ত্ৰী হৈছিল । তাৰ পিচতে ১৯৯১ চনত পৰাজয় বৰণ কৰিছিল নতুন অসম গণ পৰিষদ পৰা ৷ একেদৰে ১৯৯৬ চনৰ পৰা ২০০১ লৈ, ২০০৬ আৰু ২০১৬ত মিত্ৰজোঁতৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি নিৰ্বাচিত হৈছিল বৃন্দাবন গোস্বামী । আনহাতে অগপ দলৰ পৰা দেওবাৰেহে তেওঁলোকৰ মুঠ ২৬ টা সমষ্টিৰ প্ৰাৰ্থীত্ব ঘোষণা কৰিব বুলি এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে । লগতে পঢ়কঃ
টিকট নোপোৱাৰ ক্ষোভ: কংগ্ৰেছলৈ বিতোপন শইকীয়া