অসম

assam

ETV Bharat / state

কাজিৰঙাত পুনৰ গড় হত্যা - ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিল খুন্দা বিলৰ সমীপত এটা মৃত গঁড় উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই । মৃত গড়টোৰ কাষত ৩০৩ ৰাইফলৰ খালি কাৰ্টিজ উদ্ধাৰ ৷

কাজিৰঙাত পুনৰ গড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে
কাজিৰঙাত পুনৰ গড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে

By

Published : Apr 21, 2021, 1:34 PM IST

তেজপুৰ, ২১ এপ্ৰিল :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গড় হত্যা কৰাৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য অনুসৰি,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিল খুন্দা বিলৰ সমীপত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এটা মৃত গঁড় উদ্ধাৰ কৰে । ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে কয় জানিবলৈ দিয়া মতে, কাজিৰঙা ৰেঞ্জৰ সমীপত শিল খুন্দা বিলৰ কাষত উদ্ধাৰ হোৱা মৃত গড়টোৰ খৰ্গ নাছিল ৷ মৃত গড়টোৰ কাষত ৩০৩ ৰাইফলৰ খালি কাৰ্টিজ উদ্ধাৰ কৰা হৈছে ৷

মৃত গড়টোৰ কাষত ৩০৩ ৰাইফলৰ খালি কাৰ্টিজ উদ্ধাৰ

কোনো দুবৃৰ্ত্তই গুলীয়াই হত্যা কৰি গঁড়টো খৰ্গ কাটি লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে বিগত ৯ মাহত ভিতৰত এইটোৱে প্ৰথমটো গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি সদৰী কৰে উদ্যান কৰ্তৃপক্ষৰ সঞ্চালক পি শিৱ কুমাৰে ৷ মৃত গঁড়টো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা

ABOUT THE AUTHOR

...view details