অসম

assam

ETV Bharat / state

Japanese encephalitis diagnosed: ৰাজ্যৰ পাঁচ জিলাত ধৰা পৰিছে জাপানিছ এনকেফেলাইটিছ - ৰাজ্যৰ পাঁচ জিলাত ধৰা পৰিছে জাপানিছ এনকেফেলাইটিছ

বানৰ পিছত ৰাজ্যত প্ৰাদুৰ্ভাৱ ঘটিছে বিভিন্ন ৰোগৰ ৷ ইয়াৰ ভিতৰত জাপানিছ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বহুজন ৷ অসমৰ পাঁচখন জিলাত ধৰা পৰিছে জাপানিছ এনকেফেলাইটিছ ৰোগী (Five districts of Assam have been diagnosed with JE) ৷

ৰাজ্যৰ পাঁচ জিলাত ধৰা পৰিছে জাপানিছ এনকেফেলাইটিছ
অসমৰ পাঁচ জিলাত ধৰা পৰিছে জাপানিছ এনকেফেলাইটিছ ৰোগীৰ

By

Published : Jul 7, 2022, 9:38 PM IST

Updated : Jul 7, 2022, 10:08 PM IST

তেজপুৰ, 7 জুলাই :ৰাজ্যত প্ৰলয়ংকাৰী বানৰ পিছত এতিয়া আৰম্ভ হৈছে ন ন মাৰাত্মক ব্যাধিৰ । বানৰ পিছত বান অধ্যুষিত অঞ্চলত চানি ধৰিছে মাৰাত্মক জাপানিছ এনকেফেলাইটিছ আদি ৰোগে (Japanese Encephalitis outbreak) । অসমৰ কেইবাখনো জিলাত এই ৰোগ চিনাক্তকৰণ হোৱাৰ পিছত বৰ্তমান বহু ৰোগী চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়ত (Five districts of Assam have been diagnosed with Japanese encephalitis) ৷

শোণিতপুৰ জিলাত চৰকাৰী তথা অনুসৰি বৰ্তমানলৈকে 4 জন লোক এই ৰোগত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে দুগৰাকী ৷ লগতে তেজপুৰৰ ব্যাপ্তিষ্ট খ্ৰীষ্টান মিছনেৰী হাস্পতালত এটি শিশু চিকিৎসাধীন হৈ থকাৰ লগতে জিলাখনৰ এগৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

ৰাজ্যৰ পাঁচ জিলাত ধৰা পৰিছে জাপানিছ এনকেফেলাইটিছ

অৱশ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 2 গৰাকী ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :কৰ’ণাৰ পাচত এইবাৰ মৃত্যুদূতৰ ৰূপত জাপানীজ এনকেফেলাইটিছ

তেজপুৰ ব্যাপ্তিষ্ট মিছনেৰী হাস্পতালত চিকিৎসাধীন হৈ থকা শিশুৰ গৰাকীৰ উপৰিও আন দুজন লোক জাপানিছ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত দুয়োগৰাকী ৰোগী মেলেৰিয়াতহে আক্ৰন্ত বুলি জানিব পৰা গৈছে । আই ডি এছ পিৰ তথ্য মতে, অসমত জাপানিছ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা জিলাসমূহ হৈছে বঙাইগাঁও, মৰিগাঁও, গোলাঘাট, ওদালগুৰি আৰু শোণিতপুৰ (Japanese Encephalitis outbreak in Assam) ।

ইয়াৰ ভিতৰত বঙাইগাঁও আৰু শোণিতপুৰ জিলাত 4 গৰাকীকৈ লোক আক্ৰান্ত হৈছে ৷ বাকী তিনিখন জিলাত 1 জনকৈ লোক আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে তেজপুৰ ব্যাপ্তিষ্ট খ্ৰীষ্টান মিছনেৰী হাস্পতালৰ চিকিৎসক শিশু বিশেষজ্ঞ ডাঃ শ্বেফিনি বেৰীলে (Dr Shafini Beryl) ।

লগতে পঢ়ক :বানৰ পাচত ৰোগৰ সংহাৰ: ডায়েৰিয়া-জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱত আতংকিত নগাঁওবাসী

Last Updated : Jul 7, 2022, 10:08 PM IST

ABOUT THE AUTHOR

...view details