তেজপুৰ, ২৭ মে’:অসমৰ মুঠ ৩৬খন জিলাৰ ভিতৰত ২৮ খন জিলাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ কৰা হৈছে । এক টুইটযোগে এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে (DGP GP Singh) ৷
অসমৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত 28 খন জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) মোতায়েন কৰাটোও এতিয়া হ্ৰাস হৈছে (AFSPA withdrawn from) ৷
টুইটযোগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘অসমৰ মাননীয় @CMOfficeAssam @himantabiswa মহোদয়ৰ দূৰদৰ্শিতাত, তেখেতৰ তত্বাৱধানত তথা অসমৰ ৰাইজৰ সমৰ্থনত @assampolice য়ে স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদানৰ লগতে উন্নত প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে। এনেবোৰ পদক্ষেপৰ জৰিয়তে আমি ৩৬খন জিলাৰ ভিতৰত ২৮খনৰে পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ কৰিবলৈ সক্ষম হৈছোঁ । আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) মোতায়েন কৰাটোও এতিয়া হ্ৰাস হৈছে । কিছুবছৰ পূৰ্বে ৰাজ্যত CAPFৰ ২১০টা বাহিনী আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ কামত নিয়োজিত হৈ থকাৰ বিপৰীতে এতিয়া তাৰ সংখ্যা ৭৩লৈ হ্ৰাস পাইছে । আমি এনে পদক্ষেপ গ্ৰহণ কৰিছোঁ যাতে আৰু পিছলৈ উভতি চাবলগীয়া নহয় ।’’
উল্লেখ্য যে, বিশেষকৈ অসমত উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী জিলাসমূহত এই সামৰিক বাহিনীৰ বিশেষ আইন জাৰি কৰা হৈছিল । শেহতীয়াকৈ কেইবাটাও উগ্ৰপন্থী গোটৰ আত্মসমৰ্পণ তথা মূল সুঁতিলৈ উভটি অহাৰ পিচতে এই আইনৰ প্ৰয়োজনীয়তা কমি আহিছে ।