তেজপুৰ, ২৭ ছেপ্টেম্বৰ: হিংসা জৰ্জৰিত মণিপুৰৰ আচলাৱস্থাৰ মাজতে ৰাজ্য চৰকাৰে পুনৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশত গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা বুধবাৰে মণিপুৰৰ ১৯খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকা অশান্ত এলেকা হিচাপে ঘোষণা কৰে ।
ৰাজ্যপালৰ এক নিৰ্দেশনাৰ জৰিয়তে মণিপুৰ গৃহ বিভাগৰ সচিব টি ৰঞ্জিত সিঙৰ স্বাক্ষৰিত এক নিৰ্দেশনাত উল্লেখ কৰিছে যে মণিপুৰৰ ইম্ফলকে ধৰি সশস্ত্ৰ বাহিনীৰ ধাৰা ৩ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি সেনা বাহিনীৰ (বিশেষ ক্ষমতা) আইন, AFSPA ১৯৫৮ (১৯৫৮ চনৰ আইন নং ২৮) সময়ে সময়ে সংশোধন কৰা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেইখনমান ঠাইত এই আইন পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে কেন্দ্ৰ চৰকাৰে । মণিপুৰে ইয়াৰ দ্বাৰা পতিত অঞ্চলসমূহ বাদ দি সমগ্ৰ মণিপুৰ ৰাজ্যখন ঘোষণা কৰাৰ অনুমোদন প্ৰদান কৰে ।
মুঠ 19খন আৰক্ষী থানাৰ অধীনত থকা ‘অশান্ত এলেকা’ত ৬ মাহৰ সময়সীমাৰে ১ অক্টোবৰ ২০২৩ৰ পৰা কাৰ্যকৰী হ’ব AFSPA । লেমফেল চহৰ, সিংজামেই, চেলমাই ,লামছাংপাটছল, ৱাংগোল, প'ৰমপাট, হাইংগাংলামিয়াই, ইৰিবুং, লেইমাখং, থৌবাল, বিষ্ণুপুৰ, নেম্বল, মইৰাং, ককচিং, জিৰিবাম আৰু ইম্ফলত এই আইন পুনৰ প্ৰণয়ন কৰা হ’ব নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে, মণিপুৰত পুনৰবাৰ ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে মাজনিশা জাৰী কৰা এক বিশেষ অধিসূচনাত উল্লেখ কৰিছে যে ৰাজ্যখনৰ বিভিন্ন স্থানত ম’বাই ইণ্টাৰনেট, বর্ডবেণ্ড সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে ।