তেজপুৰ,৩ ছেপ্টেম্বৰ : শোণিতপুৰ জিলাৰ বৰচলাৰ চিতলমাৰীত পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান (Administration starts eviction at Borsola) ৷ শতাধিক আৰক্ষীৰ উপস্থিতিত ঘৰসমূহ ভাঙি দিয়ে প্ৰশাসনে । অৱশ্যে উচ্ছেদৰ পূৰ্বেই ঘৰ-দুৱাৰ ভাঙি বেদখলকাৰী বহুতে আঁতৰি গৈছে । বাকী থকা ঘৰবোৰ ভাঙি দিয়াৰ লগতে তামোল-নাৰিকল আদি গছ কাটি পেলায় প্ৰশাসনৰ লোকসকলে ।
কেইবাখনো এস্কেভেটৰ এই উচ্ছেদত ব্যৱহাৰ কৰা হৈছে । প্ৰায় ২৯৯ টা পৰিয়ালে বসতি কৰা এলেকাত চলোৱা হৈছে উচ্ছেদ (Borsola eviction)। চৰকাৰে বেদখলকৃত ভূমি উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিব । ২০২১ চনৰ ১৫ ডিচেম্বৰতে শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰচলা সমষ্টিৰ প্ৰায় ১ হাজাৰ বিঘা ভূমিত উচ্ছেদৰ নিৰ্দেশনা দিয়া হৈছিল । সেই নিৰ্দেশনাৰ পাছতে বহু লোকে তাৰ পৰা আঁতৰি গৈছে ।
মন কৰিবলগীয়া যে সমীপৱৰ্তী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিও ভাবুকি আহিছে । কিয়নো উদ্যানৰ অন্তৰ্গত বচা শিমলুত বেদখল চলি আছে । কিন্তু সেই স্থানত উচ্ছেদৰ বাবে চৰকাৰে এতিয়ালৈ কোনো নিৰ্দেশনা জাৰি কৰা নাই । যাৰ বাবে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে উক্ত স্থানতো উচ্ছেদ চলোৱাৰ দাবী জনাইছে ।