অসম

assam

ETV Bharat / state

Tezpur eviction:তেজপুৰ বায়ুসেনা ঘাটিৰ সমীপৰ অবৈধ নিৰ্মাণকাৰ্যত প্ৰশাসনৰ হাঁতোৰা - শোণিতপুৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

শেহতীয়াকৈ তেজপুৰৰ বায়ু সেনা ঘাটিৰ পকী দেৱালৰ কাষতে একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল (Illegal construction near Air Force premises in Tezpur)। অৱশেষত এই অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে শোণিতপুৰ জিলা প্ৰশাসনে অভিযান চলালে । প্ৰায় ৬০ টাকৈ অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ উচ্ছেদ কৰে প্ৰশাসনে ।

Tezpur eviction
অবৈধ নিৰ্মাণকাৰ্যত প্ৰশাসনৰ হাঁতোৰা

By

Published : Dec 30, 2021, 7:50 PM IST

তেজপুৰ,৩০ ডিচেম্বৰ:ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা তেজপুৰৰ শ’লমৰাৰ ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ সমীপৰ বৃহৎ অংশৰ ভূমিত যোৱা এসপ্তাহৰ ভিতৰত নিৰ্মাণ হোৱা বাসগৃহসমূহ উচ্ছেদ কৰে শোণিতপুৰ জিলা প্ৰশাসনে । মুঠ ৬০ টাকৈ ঘৰ বৃহস্পতিবাৰে উচ্ছেদ কৰে প্ৰশাসনে (Administration evicted 60 houses at Tezpur)। এই সন্দৰ্ভত মুঠ ২৯ গৰাকী মাটিৰ গৰাকীলৈ জাননী জাৰি কৰাৰ পাছত শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াই অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহসমূহ তথা তাত মজুত কৰা সা-সামগ্ৰীসমূহ আঁতৰোৱাৰ নিৰ্দেশ দিছিল ৷

উল্লেখ্য যে তেজপুৰৰ বায়ুসেনা ঘাটিৰ চৌহদৰ পকী দেৱালৰ লগতে থকা বিশাল ভূমিত শেহতীয়াকৈ নিশাটোৰ ভিতৰতে একাংশ লোকে গৃহ নিৰ্মাণ আৰম্ভ কৰাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল (Illegal construction near Air Force premises in Tezpur) ৷ ইয়াৰ পাছতে অবৈধ নিৰ্মাণ চলা মালিজান খেৰবাৰীৰ এই অঞ্চলত আৰক্ষীৰ লোক উপস্থিত হৈ বিষয়টোৰ এক চৰজমিন তদন্ত কৰাৰ পাছতে ২৭ ডিচেম্বৰত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈসহ শীৰ্ষ বিষয়াসকলে অঞ্চলটো পৰিদৰ্শন কৰে । অবৈধ নিৰ্মাণৰ সৈতে একাংশ স্থানীয় লোক জড়িত থকাৰ লগতে বহিৰাগত একাংশ লোক থকাৰো অভিযোগ উঠিছে ।

অবৈধ নিৰ্মাণকাৰ্যত প্ৰশাসনৰ হাঁতোৰা

অভিযোগ অনুসৰি, একাংশ স্থানীয় দালাল এইক্ষেত্ৰত তৎপৰ হৈ পৰিছিল ৷ জানিব পৰা মতে, বায়ুসেনাৰ ঘাটিৰ পকী দেৱালৰে সংলগ্ন এই ভূমি ইতিমধ্যেই বায়ুসেনাই বিচৰাৰ পাছত ২০১৮ চনতে ইয়াৰ এক জৰীপ কৰা হৈছিল ৷ জৰীপৰ পাছতেই এই বৃহত্তৰ অংশত কোনোধৰণৰ নিৰ্মাণ কাৰ্য নকৰিবলৈ জাননী জাৰী কৰা হৈছিল ৷

শেহতীয়াকৈ বায়ুসেনাক এই ভূমি হস্তান্তৰ কৰাৰ বাবে চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বিষয়ে জানিব পাৰি সুযোগ সন্ধানী চক্ৰটোৱে গৃহ নিৰ্মাণৰ বাবে সক্ৰিয় হৈ উঠে ৷ উল্লেখ্য যে, এই ভূমি বায়ুসেনাই অধিগ্ৰহণ কৰাৰ সময়ত ভূমিৰ মূল্যৰ লগতে অতিৰিক্তভাৱে যাতে গৃহৰ বিপৰীতেও ধন সৰকাব পাৰি তাৰ বাবেই এই অভিসন্ধি চলাই চক্ৰটোৱে দিনে নিশাই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বুলি অভিযোগ উঠিছে ৷ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এলেকাৰ ৯০০ ফুট দূৰত্বলৈকে গৃহ নিৰ্মাণটো দূৰৈৰে কথা গছপুলিও ৰোপন কৰিব নোৱাাৰি ৷ কিন্তু এই সকলো নিয়ম উলংঘা কৰি বায়ুসেনা ঘাটিৰ দেৱালৰ কাষৰ পৰাই হঠাৎ গৃহ নিৰ্মাণ আৰম্ভ কৰা হয় ৷

অবৈধ নিৰ্মাণকাৰ্যত প্ৰশাসনৰ হাঁতোৰা

অঞ্চলটোৰ প্ৰায় ৩০০ একৰ ভূমি বায়ুসেনাই নতুনকৈ অধিগ্ৰহণৰ বাবে চৰকাৰী প্ৰক্ৰিয়া অব্যাহত আছে ৷ তেজপুৰ আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ এলেকাত জীয়াভৰলী নদীৰ পাৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লগতে গাইডবান্ধৰ বাবে অধিগ্ৰহণ কৰা ভূমিত জৰীপৰ পাছতে সেই সময়ৰ মণ্ডল আৰু কাননগোৰ তথা ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ একাংশ স্থানীয় বিষয়াৰে মিলি দালালে জধে-মধে গৃহ নিৰ্মাণ কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাত্‍ কৰে ৷ ইয়াৰ মাজতে আকৌ আন একাংশই বিভিন্ন মাধ্যমৰে এই দালাল চক্ৰক ভাবুকি দি ধন আদায়ৰো অপচেষ্টা চলাই ।

কিন্তু ইতিমধ্যে অধিগ্ৰহণ হোৱা মাটিত নতুনকৈ নিম্ন মানৰ গৃহ নিৰ্মাণ কৰি এই চক্ৰটোৰ লগতে এই কাৰ্যত দালালক সহযোগিতা কৰা তদানীন্তন মণ্ডল, কাননগোৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ব্যৱস্থাই শোণিতপুৰ প্ৰশাসনে গ্ৰহণ নকৰাত এতিয়া জিলাখনৰ যিকোনো স্থানতে ভূমিৰ জৰীপ হ’লেই এনে একোটা চক্ৰ তৎপৰ হৈ উঠাটো এক নিয়মত পৰিণত হৈছে ৷

লগতে পঢ়ক :গোলাঘাট আৰক্ষীয়ে আইন উলংঘনকাৰীক জনালে সম্বৰ্ধনা !

ABOUT THE AUTHOR

...view details