তেজপুৰ,৭ জুলাই:তেজপুৰৰ সাংস্কৃতিক জগত আজি নিস্তব্ধ । হেৰাই গ'ল এটি প্ৰচুৰ সম্ভাৱনাময় এটি প্ৰতিভা । অকালতে জীৱনৰ নাটখনি সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই । বৃহস্পতিবাৰে নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই শ্বুটিং আৰম্ভ কৰিব লগা তেজপুৰবাসীৰ অতি আদৰৰ বহুমূখী প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াক নিয়তিয়ে পুৱা শ্বুটিংস্থলীলৈ যাবলৈ আৰু নিদিলে ।
খোজ" নামৰ এটি বিশেষ গীতৰ দৃশ্যগ্ৰহণ সামৰি নিশা তেজপুৰৰ ঊষানগৰৰ ৪ নম্বৰ উপ পথৰ বাসগৃহত খোৱা-বোৱা কৰি বিচনালৈ যোৱাৰ সময়তে হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে আক্ৰান্ত হৈ পৰিছিল অভিনেতাগৰাকী । লগে লগে পৰিয়ালৰ লোকে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত নিশা প্ৰায় ১২-৩০ মান বজাত চিকিৎসকে মৃত ঘোষণা কৰে মাত্ৰ ৩৯ বছৰীয়া তেজপুৰৰ লগতে ৰাজ্যখনৰ এগৰাকী দক্ষ অভিনেতা, লোকশিল্পী, পৰিচালক, ৰূপসজ্জক তথা সুদক্ষ চিত্ৰগ্ৰহণকাৰী-আলোকচিত্ৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ ।
তেজপুৰৰ আজন্ম শিল্পী, নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰয়াত উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰো জন্ম সূত্ৰেই এগৰাকী প্ৰতিভাধৰ শিল্পী আছিল । ১৯৮৪ চনত জন্মগ্ৰহণ কৰা বিজয় শংকৰ ছাত্ৰ অৱস্থাৰ পৰাই সকলো ক্ষেত্ৰৰে এগৰাকী পাৰদৰ্শী শিল্পী আছিল । "প্ৰত্যাৱৰ্তনৰ পিছত সত্য" শীৰ্ষক নাটকেৰে ২০০১ চনৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰা বিজয়ে ইয়াৰ পৰৱৰ্তী সময়ত "কাকো পৰিল তালো সৰিল" নামৰ নাটকৰ পিছত আৰু অভিনয়ৰ ক্ষেত্ৰত পিছলৈ এবাৰো উভতি চাব লগা হোৱা নাছিল ।
বিজয়ে দহখনতকৈও অধিক একাংক নাট, প্ৰায় ৪০ খনতকৈও অধিক পূৰ্ণাংগ নাটকৰ লগতে দূৰদৰ্শন আৰু ছেটেলাইট চেনেলৰ ধাৰাবাহিক "ৱাহ অমৰাৱতী ৱাহ", "জোনালী এল এল বি", "আই এম জম", "বেহাৰবাৰী আউট পোষ্ট", ‘‘লগন’’,‘‘লাহৰী গাঁও পঞ্চায়ত’’,''বান্ধোন'', ''দৈনন্দিন'', ''হাতোৰা'', ''বিধাতা'', ''সপোন'' আদিকে ধৰি অসংখ্য ধাৰাবাহিক আৰু ৱেব চিৰিজিত মনপৰশা অভিনয়ৰ লগতে ''কৃষ্ণ চূড়া ডট কম'', ''মজলী', 'দূৰণিৰ নিৰলা পঁজা'' ৰ পৰা শেহতীয়াকৈ ''ডক্টৰ বেজবৰুৱা 2'' কে ধৰি ১৫ খনকৈ চলচ্চিত্ৰতো অভিনয় কৰিছিল ।
দহখনতকৈও অধিক নাটক পৰিচালনা কৰা বিজয় আছিল অন্যতম জনপ্ৰিয় লোকবাদ্যৰ অনুষ্ঠান "তেজপুৰ থেছপীয়ান" ৰ জন্মদাতা । আনহাতে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ একালৰ ছাত্ৰ বিজয় একেখন মহাবিদ্যালয়তে অস্থায়ীভাৱে জন সম্পৰ্কৰক্ষী আৰু সাংস্কৃতিক বিষয়া হিচাপে কৰ্মৰত হৈ থকা সময়ত "ব্লেক এণ্ড হোৱাইট" নামৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীকলৈ এটি নাট্যদল গঠন কৰি বিভিন্ন প্ৰান্তত নাট প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰাৰ লগতে সেই সময়চোৱাতে বিজয় শংকৰৰ তৎপৰতাত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মাজত এন এছ ডিৰ জৰিয়তে অনুষ্ঠিত হৈছিল নাট কৰ্মশালা ।
বৰ্তমান সময়লৈকে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱসমূহত দৰং মহাবিদ্যালয় দলক সহযোগিতা আগবঢ়াই অহা বিজয়ে পৰৱৰ্তী সময়ত "শংকৰ" শীৰ্ষক এক লোকশিল্পীৰ অনুষ্ঠানৰ উপৰি "নক্ষত্ৰ" নামৰ আন এক লোকবাদ্যৰ অনুষ্ঠানৰ সৈতেও জড়িত হৈ আছিল । ৰাজ্যখনৰ বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰা বিজয়ে ২০২১ চনত দেশৰ বিশ্ববিদ্যালয়সমূহৰ মাজত হোৱা এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা নিজে চৰাইক লৈ ৰচনা কৰা প্ৰকৃতিৰ ওপৰত নাটক "টুউ লেট" মঞ্চস্থ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
লগতে অলপতে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যখনৰ মেগা নাট প্ৰতিযোগিতা "আইনা জীৱনৰ ৰংগমঞ্চ"ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ লগতে শ্ৰেষ্ঠ মেকআপ আৰ্টীষ্টৰ সন্মান লাভ কৰিছিল । বহু বাটৰ নাট পৰিচালনা, অভিনয়, বহু ছুটি ছবি পৰিচালনা আৰু অভিনয়ৰ উপৰি বহু নাটকৰ পোহৰ ব্যৱস্থাপনা, সংগীত পৰিচালনাৰ উপৰি এগৰাকী সুদক্ষ আলোকচিত্ৰ শিল্পী হিচাপে বহু ছুটি ছবিৰ দৃশ্যগ্ৰহণ কৰাৰ লগতে এগৰাকী দক্ষ ৰূপসজ্জা শিল্পী হিচাপেও দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিয়মীয়া তৰুণ প্ৰজন্মৰ দক্ষ শিল্পী আছিল বিজয় শংকৰ শইকীয়া ।