তেজপুৰ, ১৯ ছেপ্টেম্বৰ : বিগত সময়ছোৱাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত সন্মুখৰ পৰা অংশ লোৱা অসমৰ একাংশ শিল্পী এতিয়া সোমাই পৰিল ৰাজনীতিৰ মেৰপেছত । শেহতীয়াকৈ হঠাতে একাংশ শিল্পীয়ে অংশগ্ৰণ কৰিলে ৰাজনৈতিক দলত । ফলত ৰাইজৰ মাজত স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে, এইসকল শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ ফলত ক্ষতিগ্ৰস্ত হ'ব নেকি ৰাজ্যৰ সাংস্কৃতিক জগত ৷ কিন্তু ৰাইজৰ এই সংশয় পোনছাতেই নসাৎ কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷
শিল্পীয়ে ৰাজনীতিত যোগ দিলেও সংস্কৃতিক জগতত প্ৰভাৱ নপৰে - STYLE BAZAR TEZPUR
অভিনেত্ৰী গৰাকীয়ে বৰ্তমান তৰালী শৰ্মাৰ পৰিচালনা আৰু প্ৰয়োজনাৰ এখন নাটকৰ আখৰাত ব্যস্ত হৈ থকাৰ লগতে নিজেও এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰাৰ কথা সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷
![শিল্পীয়ে ৰাজনীতিত যোগ দিলেও সংস্কৃতিক জগতত প্ৰভাৱ নপৰে ACTESS BARSHA RANI BISHAYA's reaction ON ARTIST JOINING ON POLITICAL PARTY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8856050-thumbnail-3x2-barsha.jpg)
শিল্পীয়ে ৰাজনীতিত যোগ দিলেও সংস্কৃতি জগতত প্ৰভাৱ নপৰে
শুক্ৰবাৰে তেজপুৰ চহৰৰ ষ্টাইল বজাৰৰ পঞ্চম মহলাত D" Burning night নামৰ এখন ৰেষ্টুৰেন্ট মুকলি কৰে অভিনেত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানতে সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত একাংশ শিল্পীয়ে ৰাজনীতিত যোগদান কৰিলেও ৰাজ্যৰ সাংস্কৃতিক জগতত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷
শিল্পীয়ে ৰাজনীতিত যোগ দিলেও সংস্কৃতি জগতত প্ৰভাৱ নপৰে
উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে বৰ্তমান তৰালী শৰ্মাৰ পৰিচালনা আৰু প্ৰয়োজনাৰ এখন নাটকৰ আখৰাত ব্যস্ত হৈ থকাৰ লগতে নিজেও এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰাৰ কথা সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷