তেজপুৰ,9 এপ্ৰিলঃ তেজপুৰ আদালতৰ পৰাই অপৰাধীৰ পলায়ন। আৰক্ষীয়ে এই মুহূৰ্ততলৈকে ইক্ৰামোল হুচেইনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷
তেজপুৰত আদালত চৌহদৰ পৰাই পলায়ন অপৰাধীৰ - POLICE CUSTODY
17 ফেব্ৰুৱাৰীত আৰক্ষীয়ে আটক কৰিছিল অপৰাধী ইক্ৰমোল হুচেইনক ৷ আদালত চৌহদৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে হুচেইনে
![তেজপুৰত আদালত চৌহদৰ পৰাই পলায়ন অপৰাধীৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2953709-thumbnail-3x2-mu2.jpg)
THIEF RUN
তেজপুৰত আদালত চৌহদৰ পৰাই পলায়ন অপৰাধীৰ
আৰক্ষী সূত্ৰত জানিব পৰা মতে ইক্ৰমোল হুছেইন ৰঙাপাৰা থানাৰ অন্তৰ্গত এটা চুৰি কাণ্ডৰ অপৰাধী ৷ তেজপুৰ আদালতত ন্যায়াধীশৰ সন্মুখত হাজিৰ হোৱাৰ পাচত বাহিৰলৈ ওলাই আহি হাত কেৰেয়া লগাবলৈ লওঁতেই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে ইক্ৰমোল হুচেইনে । ৰঙাপাৰা থানাৰ গোচৰ নম্বৰ 31/19 U/S 379 ভাৰতীয় দণ্ডবিধিৰ অধীনত 17 ফেব্ৰুৱাৰী তাৰিখে হুছেইনক আৰক্ষীয়ে আটক কৰি কাৰাগৰলৈ প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে এই মুহূৰ্তত লৈকে ইক্ৰমোল হুচেইনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷